চামগুৰি,21 নৱেম্বৰ : ৰাজ্যত দিনক দিনে বাঢ়ি আহিছে হাতী-মানুহৰ সংঘাত ৷ একাংশই বনাঞ্চল ধ্বংস কৰাৰ ফলতে খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহিছে জাক জাক বনৰীয়া হাতী ৷ কেতিয়াবা যদি মানুহৰ মৃত্যু হৈছে কেতিয়াবা আকৌ মৃত্যু হৈছে হাতীৰ ৷ তাৰমাজতে হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ বাবে নগাঁৱৰ হাতী বন্ধু নামৰ এটি স্বেচ্ছাসেৱী সংস্থা আৰু চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক দুলু বৰাই গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ ৷ সংস্থাটো আৰু ব্যক্তিগৰাকীয়ে বন্যহস্তীৰ বাবে ৰোপণ কৰিছে 200 বিঘা ধান খেতিৰ লগতে 400 বিঘা মাটিত ঔ টেঙা ৷ লগতে কৰিছে কুম্ভীৰ আৰু নেফিয়াৰ ঘাঁহৰ খেতি ৷ দীৰ্ঘদিনে গভীৰ অৰণ্যৰ মাজতে নিশা কটাই দুলু বৰা আৰু পত্নী মেঘ্না ময়ূৰ হাজৰিকাই বন্যহস্তীক খুৱাইছিল এই শস্যসমূহ ৷ যাৰ বাবে জনাঞ্চললৈ যোৱা নাছিল হাতীৰ জাকটো ৷
![as_smg_01_Elephant _puja_by_public_vis_asc10079](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9616343_dfhgirh.jpg)
পতি-পত্নীৰ এনে প্ৰচেষ্টাৰ বাবে দৰিদ্ৰ কৃষকসকলে সহজে চপাব পাৰিছে সোণোৱালী ধান ৷ পূৰ্বতে বনৰীয়া হাতীয়ে তহিলং কৰিছিল খেতিপথাৰসমূহ ৷ হাতী বন্ধু আৰু দুলু বৰাৰ এনে পদক্ষেপক শলাগ লৈছে অঞ্চলবাসীয়ে ৷
শনিবাৰে নগাঁও জিলাৰ কাৰ্বি আংলং সীমান্তৱৰ্তী হাতীখুলি ৰংহাং গাঁৱত হাতী বন্ধুই আয়োজন কৰে এক সৰ্বধৰ্মীয় প্ৰাৰ্থনা ৷ বিভিন্ন ধৰ্মাৱলম্বী লোকে বসবাস কৰা হাতীখুলি ৰংহাং গাঁৱত এনে পৰিকল্পনা কৰি সফলতা অৰ্জন কৰাৰ পাছতে বন্যহস্তীক ধন্যবাদ জনাই আয়োজন কৰিলে সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ ৷ অনুষ্ঠানত প্ৰতিটো ধৰ্মৰ লোকসকলে প্ৰাৰ্থনা গাই নেদেখাজনৰ ওচৰত সেৱা আগবঢ়োৱাৰ লগতে সকলো একতা আৰু ভাতৃত্ববোধৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰি গজৰাজৰ প্ৰতি মানুহৰ মনত যি ভক্তিভাৱ আজিও বিৰাজমান তাকেই পুনৰবাৰ প্ৰমাণিত কৰিলে ।
লগতে পঢ়ক: শিৱসাগৰত অংগনবাড়ী কৰ্মী-সহায়িকাৰ বিক্ষোভ কাৰ্যসূচী