ETV Bharat / state

Kaziranga animal corridors: এনিমেল কৰিড’ৰৰ বিৰোধিতাৰে বাগৰিত বৰসবাহ আৰু ভাওনা প্ৰদৰ্শন - Prayer to God against construction of animal corridor

কলিয়াবৰৰ বাগৰি নামঘৰত বৰসবাহ আৰু ভাওনা প্ৰদৰ্শন (Bhaona in Kaliabor) ৷ বাগৰিত এনিমেল কৰিড’ৰৰ নিৰ্মাণৰ জৰিয়তে উদ্ভৱ হ’ব পৰা সমস্যাৰ সমাধানৰ বিচাৰি নেদেখাজনৰ ওচৰত শৰণাপন্ন হয় বাগৰিৰ লগতে হাৰমতীবাসী ৰাইজ (Prayer to God against construction of animal corridor) ৷

Bhaona in Kaliabor
এনিমেল কৰিড’ৰৰ বিৰোধিতাৰে বাগৰিত বৰসবাহ আৰু ভাওনা প্ৰদৰ্শন
author img

By

Published : Jul 22, 2022, 7:57 PM IST

কলিয়াবৰ, 22 জুলাই : কলিয়াবৰত এক অভিনৱ প্ৰতিবাদ ৷ বৃহস্পতিবাৰে ভাওনা প্ৰদৰ্শনেৰে বাগৰিত কৰা হ’ল কাজিৰঙাৰ এনিমেল কৰিড’ৰৰ বিৰুদ্ধে প্ৰতিবাদ (Protest against Animal Corridor in Kaziranga)৷ কিয়নো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে লাগি আছে কলিয়াবৰৰ বাগৰি গাঁও ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে লাগি থকা হেতুকে এনিমেল কৰিড’ৰ নিৰ্মাণক লৈ বাগৰিৰ লগতে কেইবাখনো গাঁৱৰ ৰাইজ শংকিত হৈ পৰিছে ৷ এনিমেল কৰিড’ৰ নিৰ্মাণ হ’লে গাঁওবাসীয়ে হয়তু সেই স্থানৰ পৰা স্থানান্তৰ হ’ব লাগিব ৷ কিয়নো সেই স্থানেৰে মানুহৰ বিপৰীতে অসংখ্য জীৱ-জন্তুৱে আহ-যাহ কৰিব ৷

এনিমেল কৰিড’ৰৰ বিৰোধিতাৰে বাগৰিত বৰসবাহ আৰু ভাওনা প্ৰদৰ্শন

সেয়ে এই সন্দৰ্ভত কাজিৰঙাৰ দাঁতি কাষৰীয়া অঞ্চলৰ লোকে চৰকাৰ তথা বিভাগীয় মুৰব্বীক বহুবাৰ আৱেদন-নিবেদন কৰাৰ লগতে প্ৰতিবাদো কৰিছিল ৷ কিন্তু এই প্ৰতিবাদৰ পাচতো কোনো সদোত্তৰ নাপালে ৰাইজে ৷ সেয়ে উপায়ন্তৰ হৈ এতিয়া নেদেখাজনৰ ওচৰত শৰণাপন্ন হৈছে কলিয়াবৰৰ বাগৰিৰ ৰাইজ (Prayer to God against construction of animal corridor)৷

এক অভিনৱ প্ৰতিবাদৰ অংশ হিচাপে কাজিৰঙাৰ এনিমেল কৰিড’ৰৰ বিৰোধীতা কৰি বৃহস্পতিবাৰে বাগৰি আৰু হাৰমতীৰ অঞ্চলবাসী ৰাইজে বাগৰি নামঘৰত বৰসবাহৰ লগতে আয়োজন কৰে এখনি ভাওনাৰ (Bhaona in Kaliabor)৷ এই বৰসবাহ বা ভাওনা আয়োজনৰ দ্বাৰা ৰাইজৰ সমস্যা তথা মনোকামনা কি ধৰণে সমাধান হয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ।

লগতে পঢ়ক : CBSE Result: চিবিএছই দশম শ্ৰেণীৰ ফলাফল ঘোষণা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.