ETV Bharat / state

সুস্থ হৈ সমষ্টিবাসীৰ মাজলৈ গ’ল প্ৰফুল্ল কুমাৰ মহন্ত - মটিলা আটি

বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত চলচলি ৰামটিলা আটিত আজি উপস্থিত হয় অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত ৷ মহন্তই মটিলা আটিৰ পৰা বালিজুৰি সংযোগ হোৱা পথৰ আধাৰ শিলা স্থাপন কৰে ৷

Prafulla Kumar Mahanta, former Chief Minister of Barampur
বঢ়মপুৰত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত
author img

By

Published : Nov 2, 2020, 9:02 PM IST

নগাঁও,2 নৱেম্বৰ : দীৰ্ঘ দিনীয়া শাৰিৰীক অসুস্থতাৰ পাচত বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত চলচলি ৰামটিলা আটিত আজি উপস্থিত হয় অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত । সমষ্টিৰ বিভিন্ন কাৰ্যসূচী হাতত লৈ দীৰ্ঘ দিন অসুস্থতাৰ অন্তত চলচলি ৰামটিলা আটিৰ পৰা বালিজুৰি সংযোগ হোৱা পথৰ আধাৰ শিলা স্থাপন কৰে বিধায়ক গৰাকীয়ে । আধাৰশিলা অনুস্থানৰ অন্তত সাংবাদিকৰ সন্মুখত মিঞা মিউজিয়ামৰ প্ৰসংগত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কয়, মিউজিয়াম বনালে তাতেই সীমাবদ্ধ হৈ নাথাকে, সংস্কৃতি আৰু তাৰ পৰিবৰ্ধন ক্ৰমবিকাশ ঘটিব লাগিব ৷ এই সিদ্ধান্তটো সময়োপযোগী হৈছে নে নাই সেই কথা সদনৰ কমিটিয়ে সিদ্ধান্ত ল'ব ।

বঢ়মপুৰত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

অগপৰ চৈধ্যটা সমষ্টিৰ প্ৰাৰ্থীৰ প্ৰসংগত দলৰ শীৰ্ষ কৰ্মীয়ে সিদ্ধান্ত ল'ব বুলি মত প্ৰকাশ কৰে । বিধায়ক গৰাকীৰ ক্ষেত্ৰত 2021ৰ নিৰ্বাচনত বঢ়মপুৰ সমষ্টিত ৰাইজে সিদ্ধান্ত ল'ব বুলিও জানিবলৈ দিয়ে । ইয়াৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু-আৰোগ্য কামনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ।

অন্য এক খবৰৰ বাবে: 18নৱেম্বৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত বি.এ্ৰড প্ৰথম বৰ্ষৰ পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.