ETV Bharat / state

Nagaon niyog mela 2023:প্ৰতিখন ৰাজ্যতে অসমৰ যুৱক-যুৱতীয়ে বনাওক নিজৰ এক সুকীয়া স্থান:প্ৰদ্যুৎ বৰদলৈ

author img

By

Published : Jul 17, 2023, 7:18 PM IST

নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে নগাঁৱত অনুষ্ঠিত কৰিব নগাঁও নিয়োগ মেলা । সমষ্টি পুনৰ নিৰ্ধাৰণক লৈয়ো আছুক সমালোচনা বৰদলৈৰ ।

nagaon niyog mela 2023
নগাঁৱত অনুষ্ঠিত কৰিব নগাঁও নিয়োগ মেলা
নগাঁৱত অনুষ্ঠিত কৰিব নগাঁও নিয়োগ মেলা

নগাঁও, 17 জুলাই : নগাঁৱৰ ডছন বিদ্যালয়ৰ খেলপথাৰ, নগাঁও বেংগলী স্কুলত আগন্তক ৩০ জুলাইত অনুষ্ঠিত হ’ব নগাঁও নিয়োগ মেলা । সোমবাৰে নগাঁও আৱৰ্ত ভৱনত এক সংবাদ মেলৰ আয়োজন কৰি এই কথা সদৰী কৰে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । সংবাদ মেলত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে মন্তব্য কৰে যে নগাঁও লোকসভা সমষ্টিৰ পৰা ১ লাখৰ পৰা ১.৫০ লাখ শিক্ষিত যুৱক-যুৱতীয়ে কৰ্মৰ বাবে ভাৰতৰ বিভিন্ন ৰাজ্যলৈ যায় । তাৰ ভিতৰত মৰিগাঁও জিলাৰ যুৱক-যুৱতীৰ সংখ্যা বহুত বেছি । কম বেতনত বহু যুৱকে বহি:ৰাজ্যত চিকিউৰিটী গাৰ্ডৰ চাকৰি কৰি থাকে ৷ তেনে ক্ষেত্ৰত সাংসদগৰাকীয়ে বিচাৰিছে যাতে যোগ্যতা অনুসৰি সকলোৱে উচিত বেতনৰ সৈতে এটা চাকৰি লাভ কৰে ৷

উদ্যোগ আৰু বাণিজ্যিক মন্ত্ৰী হৈ থাকোতে ভাৰতৰ বিভিন্ন কোম্পানী সমূহৰ সৈতে গঢ়ি উঠা সম্পৰ্কৰ কথাও উল্লেখ কৰে বৰদলৈয়ে । এতিয়া তেওঁলোকৰ সৈতে কথা পাতি প্ৰায় 70 টাৰো ওচৰা-ওচৰি নামী-দামী আন্তৰ্জাতিক প্ৰতিষ্ঠান পোন প্ৰথমবাৰৰ বাবে অসমলৈ আনিবলৈ সক্ষম হৈছে তেওঁ ৷ তেওঁ কয় যে নগাঁৱৰ সাংসদ হোৱাৰ পিছৰে পৰা অঞ্চলটোৰ শিক্ষিত নিবনুৱাসকলৰ বাবে কিবা এটা কৰাৰ সপোন আছিল তেওঁৰ ৷ এতিয়া তেওঁৰ অনুৰোধ মৰ্মেই আগন্তুক ৩০ জুলাইত বহুজাতিক প্ৰতিষ্ঠানৰ সৈতে নগাঁৱত অনুষ্ঠিত হ’ব নিয়োগ মেলা ।

নিয়োগ মেলাত এমাজন, ফ্লিপ কাৰ্ট, ফোন পে’ আদিকে ধৰি ৭০ টা কোম্পানীয়ে অংশগ্ৰহণ কৰিব । যিসকল শিক্ষিত যুৱক-যুৱতীয়ে নিয়োগ মেলাৰ জৰিয়তে চাকৰি লাভ কৰিব বিচাৰিছে তেওঁলোকে প্ৰথমে ইণ্টাৰভিউৰ বাবে ৭০৯৯০৯৬২৮৮, ৭০৯৯০৯৬৩৮৮, ৭০৯৯০৯৬৪৮৮ আৰু ৯৩৯৫৬৩৪৫২০ নম্বৰত ফোন কৰি তেওঁলোকৰ টোকেন নম্বৰ সংগ্ৰহ কৰিব লাগিব নিজৰ অৰ্হতাৰ ভিত্তিত । কোম্পানীসমূহে পাঁচ হাজাৰ ভেকেঞ্চি লৈ উত্তৰ-পূৰ্বাঞ্চললৈ আহিব বুলি সাংসদগৰাকীয়ে জানিবলৈ দিছে ৷

দশম শ্ৰেণীৰ উত্তীৰ্ণৰ পৰা আৰম্ভ কৰি ডিপ্লমা, স্নাতক, স্নাতকোত্তৰ, ITI, বি-টেক আদি পাঠ্যক্ৰম কৰি উত্তীৰ্ণ হোৱা যুৱক-যুৱতীয়ে লাভ কৰিব পাৰিব এইসমূহ উদ্যোগত চাকৰি । উল্লেখ্য যে উত্তৰ পূৰ্বাঞ্চলত এইটোৱেই প্ৰথম নিয়োগ মেলা য’ত শিক্ষিত যুৱক-যুৱতীসকলে প্ৰত্যক্ষভাৱে কোম্পানীসমূহৰ আগত ইণ্টাৰভিউ দিব পাৰিব । ইপিনে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত আছুৰ স্থিতিক লৈ নগাঁৱত প্ৰদ্যুৎ বৰদলৈয়ে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া । তেওঁ কয়, ‘আছুক অসমীয়াৰ বিবেক ৰক্ষক ভাবিছিলো । কিন্তু আছু এতিয়া বিজেপিৰ শ্ৰুতলিপি মতে চলে । চৰকাৰক অস্বস্তিত পেলাব পৰা বিষয়ৰ পৰা আছু আঁতৰত থাকে । আছুৰ ওপৰত ৰাইজৰ আগৰ দৰে আস্থা নাই’ ।

লগতে পঢ়ক : Preventing erosion: বানতকৈয়ো গৰাখহনীয়াক লৈ ভীতিগ্ৰস্ত মৰিগাঁওবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.