কলিয়াবৰ,10 ফ্ৰেব্ৰুৱাৰীঃ ভাৰতীয় তেল নিগমৰ পাইপ লাইন খননৰ নামত বিঘাই-বিঘাই আলু খেতি নষ্ট হ'ল কলিয়াবৰৰ বৰালী গাঁৱৰ পথাৰত ৷ পথাৰো আমাৰ, বজাৰো আমাৰ' এই শ্ল'গানৰে গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ কৃষকসকল স্বাৱলম্বী কৰিবৰ বাবে ৰাজ্য চৰকাৰে উন্নত জাতৰ আলুৰ বীজ প্ৰদান কৰিছিল কৃষক সকলক। কিন্তু ভাৰতীয় তেল নিগম চমুকৈ 'অইল' কৰ্তৃপক্ষৰ কোপদৃষ্টি পৰিল কলিয়াবৰৰ বৰালীগাঁৱৰ এই কৃষকসকলৰ ওপৰত ।
উল্লেখযোগ্য যে, অইল পাইপলাইন খননৰ নামত কোনোধৰণৰ আগতীয়া জাননী নিদিয়াকৈ আলু খেতিৰ ওপৰতে জধে-মধে চলালে খনন। যাৰ ফলত মূৰে-কপালে হাত দিবলগীয়া হৈছে কলিয়াবৰৰ বৰালীগাঁৱৰ কৃষক ৰাইজে ।
সম্প্ৰতি অইলৰ এই খননৰ ফলত ক্ষতিগ্ৰস্ত হোৱা খেতিৰ ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে স্থানীয় খেতিয়কসকলে ।