ETV Bharat / state

HSLC Exam Result 2022: আৰ্থিক দৈন্যতাক নেওচি ৰহাত জিলিকিল ঔম প্ৰকাশ

author img

By

Published : Jun 9, 2022, 9:25 PM IST

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৪ শতাংশ নম্বৰেৰে উজলিল ৰহাৰ ঔম প্ৰকাশ বনিয়া(Poor student achievement) ৷ আৰ্থিক দৈন্যতাকো নেওচি ঔম প্ৰকাশে গৌৰৱ কঢ়িয়াই অনাত আনন্দিত পিতৃ ।

poor-student-of-raha-who-has-passed-in-hslc-exam
HSLC Exam Result 2022: আৰ্থিক দৈন্যতাক নেওচি ৰহাত জিলিকিল ঔম প্ৰকাশ

ৰহা, 9 জুন : দাৰিদ্ৰতা কেতিয়াও সফলতাৰ হেঙাৰ হ'ব নোৱাৰে ৷ তাকেই প্ৰমাণ কৰি দেখুৱালে ৰহাৰ এগৰাকী ছাত্ৰই (Poor student achievement)৷ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৪ শতাংশ নম্বৰেৰে উজলিল ৰহাৰ ঔম প্ৰকাশ বনিয়া নামৰ এজন ছাত্ৰ (Student passed in HSLC Exam) । পিতৃ নৃপেন বনিয়া পেচাত এজন অট'চালক । দিনৰ দিনটো অট' চলাই যাত্ৰী কঢ়িয়াই উপাৰ্জন কৰা ধনেৰে কোনোমতে ঘৰ চলোৱা পিতৃ নৃপেন বনিয়াই পুত্ৰ ঔম প্ৰকাশ বনিয়াক সঠিক সময়ত দিব পৰা নাছিল পৰ্যাপ্ত পৰিমাণৰ সা-সুবিধা ।

টিউচনৰ জৰিয়তে কেইদিনমানৰ বাবে এজন শিক্ষকৰ ওচৰত ইংৰাজী বিষয়ত ছাত্ৰজনে শিক্ষাগ্ৰহণ কৰিছিল । কেৱল শিক্ষাকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰিছিল ছাত্ৰজনে ৷ এনে কষ্টৰ ফলত ঔম প্ৰকাশে ৫৬৮ নম্বৰ লাভ কৰি সমগ্ৰ ৰহাতে নাম উজ্বলাবলৈ সক্ষম হয় ।

ৰহাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ ঔম প্ৰকাশৰ ইচ্ছা ভৱিষ্যতে এজন চিকিৎসক হোৱাৰ । পিছে আৰ্থিক অভাৱৰ বাবে থমকি ৰ'ব লগাত পৰিছে পিতৃ নৃপেন বনিয়া । সেয়ে পিতৃয়েও দিন ৰাতি একাকাৰ কৰি পুত্ৰৰ শিক্ষাৰ বাবে কঠোৰ পৰিশ্ৰম স্বীকাৰ কৰিছে ৷

লগতে পঢ়ক : HSLC Exam Result 2022 : দৰিদ্ৰতাক নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ তুষাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.