ETV Bharat / state

কঠিয়াতলীত পথ নিৰ্মাণত চৰম অনিয়ম, খড়্গহস্ত ৰাইজ - poor road condition at barhampur

উপায়ুক্তলৈ অভিযোগ দাখিল স্থানীয় ৰাইজৰ, ২০ লাখ টকাৰ ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া এটা চি চি ব্লকৰ পথত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ

কঠিয়াতলীত পথ নিৰ্মাণত চৰম অনিয়ম
author img

By

Published : Apr 10, 2019, 2:27 PM IST

নগাঁও, 10 এপ্ৰিলঃ নগাঁৱৰ কঠিয়াতলীত পথ নিৰ্মাণত অনিয়ম ৷ পথ নিৰ্মাণৰ বিসংগতিৰ বাবে উপায়ুক্তলৈ অভিযোগ স্থানীয় ৰাইজৰ ৷ পথ নিৰ্মাণ সম্পূৰ্ণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ স্থানীয় ৰাইজৰ ৷ এনৰেগা আঁচনিৰ অধীনত নিৰ্মিত নগাঁৱৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত লালুংগাঁও পঞ্চায়তবাসীয়ে পথ নিৰ্মাণৰ বিসংগতি দৰ্শাই উপায়ুক্তক দাখিল কৰিছে অভিযোগ ৷ ৰাইজৰ অভিযোগ অনুসৰি, পঞ্চায়ত খনৰ ২নং ৱাৰ্ডৰ এম জি এনেৰেগা আঁচনিৰ অধীনত ২০ লাখ টকাৰ ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া এটা চি চি ব্লকৰ পথত সংঘটিত হৈছে ব্যাপক কেলেংকাৰী ৷ পথ নিৰ্মাণৰ বাবে আবণ্টিত ধন ঠিকাদাৰে আত্মসাৎ কৰি মাত্ৰ কেই ট্ৰাকমান মাটি পেলাইয়েই কাম সামৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ এই নিম্নমানৰ কামৰ ফলত এজাক বৰষুণতেই বোকাময় হৈ পৰা পথটোৱে আহুকালৰ সৃষ্টি কৰে জনসাধাৰণৰ যাতায়াতত ৷ অনতিপলমে পথছোৱাৰ মেৰামতি নকৰিলে লোকসভা নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কঠিয়াতলী ৰাইজৰ ৷

Intro:নগাঁৱৰ কঠিয়াতলীত পথ নিৰ্মাণত অনিয়ম। উপায়ুক্তক অভিযোগ দাখিল ৰাইজৰ ।ভোট বৰ্জনৰ সিদ্ধান্ত স্থানীয় ৰাইজৰ ।

Anchor= আগত পথ তাৰ পিছত ভোট। এই মন্তব্য নগাঁও জিলাৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত নামবৰ লালুংগাওঁ পঞ্চায়ত বাসীৰ। বিজেপি দলৰ প্ৰতিনিধিৰ দ্বাৰা গঠিত পঞ্চায়ত খনৰ ২নং ৱাৰ্ডৰ এম জি এনেৰেগা আঁচনিৰ ২০ লাখ টকাৰ ব্যয়ৰে নিৰ্মাণ হব লগা এটা চি চি ব্লকৰ পথত ব্যাপক দুৰ্ণীতি সংঘটিত হোৱাৰ অভিযোগ তুলিছে ৰাইজে। দুৰ্নীতি সন্দৰ্ভত নগাঁও জিলাৰ উপায়ুক্তৰ ওচৰত অভিযোগ দাখিল কৰিছে ৰাইজে।

Body:VO= এফালে পৰিৰ্তনৰ শ্লোগান আনফালে পৰিবৰ্তনৰ জ্বলন্ত উদাহৰণ এই পথটো। এজাক বৰষুনতে বোকাময় হৈ পৰে পথটো। হয়, ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰ খনে দুৰ্ণীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা কথা কৈ থকাৰ সময়তে নগাঁও জিলাৰ কঠিয়াতলী উন্নয়ণ খণ্ডৰ অন্তৰ্গত নামবৰ লালুং গাঁও পঞ্চায়তৰ চিচি ব্লকৰে নিৰ্মাণ হব লগা এটা পথত ব্যাপক অনিয়ম কৰাৰ অভিযোগ উঠিছে বিজেপিৰ কৰ্মীৰ বিৰুদ্ধে।এই সম্পৰ্কত ৰাইজে নগাঁও জিলাৰ উপায়ুক্তক অভিযোগ দাখিল কৰিছে যদিও বৰ্তমানেও কোনো সুফল পোৱা নাই গাঁওবাসীয়ে। অভিযোগ অনুসৰি পঞ্চায়তখনৰ ২ নং ৱাৰ্ডৰ প্ৰদীপ বড়োৰ ঘৰৰ পৰা মুদৈ বস্তিৰ ৰাজু বাৰাইকৰ ঘৰলৈ ২০১৬-১৭ বৰ্ষত এই পথটো নিৰ্মাণৰ বাবে ২০ লাখ টকা আৱন্তন হৈছিল। কিন্তু পথ নিৰ্মাণৰ আবন্তিত ধনৰ পৰা ৫ লাখ টকা উঠাই আনি কেই ট্ৰাক মান মাটি পেলায়েই দায়িত্ব সামৰা অভিযোগ তুলিছে কেইজন স্থানীয় বিজেপি কৰ্মীৰ বিৰুদ্ধে। যাৰ ফলত এজাক বৰষুণ পৰিলেই বোকাময় হৈ পৰাৰ লগতে পথচোৱাৰে যাতায়ত কৰিবলৈ চিন্তিত হৈ পৰে ৰাইজ। এই সন্দৰ্ভত নগাঁও জিলাৰ উপায়ুক্তৰ ওচৰত এক অভিযোগ দাখিল কৰিছে যদিও বৰ্তমানেও কোনো সুফল নাপালে ভুক্তভোগী ৰাইজে।

Byte= স্থানীয় পুৰুষ/মহিলা।Conclusion:VO= উল্লেখ্য যে নিৰ্বাচন সমাগত। সেয়ে নিৰ্বাচনৰ আগত পথ চোৱাৰ নিৰ্মানৰ ব্যৱস্থা নকৰিলে ভোট বৰ্জন কৰাৰ সিদ্ধান্ত লব বুলি জানিব দিয়ে গাঁওবাসীয়ে।

Byte= স্থানীয় লোক।

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.