ETV Bharat / state

Poor Road at Kaliabor: কলিয়াবৰত বিধস্ত পথে জ্বলাকলা খুৱাইছে পথচাৰীক - Poor Road Condition at Kaliabor

কলিয়াবৰৰ নিজৰি গাঁও-হাট বাগান সংযোগী পথছোৱা বিগত 37 বছৰে বিধ্বস্ত অৱস্থাত আছে ৷ কিন্ত সুদীৰ্ঘ 37 বছৰে মেৰামেতি ন'হল পথচোৱা ৷ বিধস্ত পথৰ বাবে এতিয়া জ্বলাকলা খাব লগা হৈছে অঞ্চলবাসীয়ে ৷ পথৰ দুৰৱস্থাৰ বাবে ১০৮ এম্বুলেঞ্চ সেৱাৰ সুবিধাৰ পৰা বঞ্চিত অঞ্চলবাসী (Poor Road Condition at Kaliabor Constituency) ৷

Poor Road Condition at Kaliabor
মন্ত্ৰী কেশৱ মহন্তৰ সমষ্টিত বিধ্বস্ত পথ
author img

By

Published : Apr 22, 2023, 9:17 AM IST

Updated : Apr 22, 2023, 9:29 AM IST

বিধস্ত পথে জ্বলাকলা খুৱাইছে পথাচাৰীক

কলিয়াবৰ, 22 এপ্ৰিল: ঢাক-ঢোল বজাই ৰাজ্যৰ সৰ্বত্ৰে উন্নয়ন হোৱা বুলি চৰকাৰে দাবী কৰি অহাৰ সময়তে ৰাজ্যৰ এটি গুৰুত্বপূৰ্ণ সমষ্টিত পৰিলক্ষিত হৈছে উন্নয়নৰ ফোঁপোলা স্বৰূপ ৷ মন্ত্ৰী কেশৱ মহন্তৰ সমষ্টি কলিয়াবৰৰ এটা বিধ্বস্ত পথে জ্বলাকলা খুৱাইছে পথাচাৰীক ৷ বিধ্বস্ত পথৰ বাবে ১০৮ এম্বুলেঞ্চ সেৱাৰ পৰিৱৰ্তে চাইকেলতেই কঢ়িয়াব লগা হৈছে ৰোগীক (Poor Road Condition at Kaliabor Constituency) ৷

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টি কলিয়াবৰৰ প্ৰায়সমূহ পথৰ অৱস্থা চকুত লগা ৷ কিন্তু তাৰ মাজতে এটা পথৰ ওপৰত যোৱা 37 বছৰে কোনো জন প্ৰতিনিধিৰ চকু নপৰিল ৷ প্ৰফুল্ল মহন্তৰ প্ৰথম মুখ্যমন্ত্ৰীত্বৰ কালতে পথটোৱে শিলগুটিৰ মুখ দেখিছিল ৷ তাৰ পাচত বহু চৰকাৰ আহিল আৰু গ'ল, সলনি হ'ল জনপ্ৰতিনিধিও ৷ কিন্তু সলনি ন'হল এই পথছোৱা (Poor Road Condition at Kaliabor) ৷

কলিয়াবৰৰ নিজৰি গাঁও-হাট বাগান সংযোগী পথছোৱা বিগত 37 বছৰে বিধ্বস্ত অৱস্থাত আছে ৷ কিন্ত সুদীৰ্ঘ 37 বছৰে মেৰামেতি ন'হল পথচোৱা ৷ বিধস্ত পথৰ বাবে এতিয়া জ্বলাকলা খাব লগা হৈছে অঞ্চলবাসীয়ে ৷ পথৰ দুৰৱস্থাৰ বাবে ১০৮ এম্বুলেঞ্চ সেৱাৰ সুবিধাৰ পৰা বঞ্চিত অঞ্চলবাসী ৷ ফলত চাইকেলেৰেই চিকিৎসালয়লৈ নিব লগা হয় ৰোগীক ৷

উন্নয়নৰ ঢাক-ঢোল বজোৱা অগপ-বিজেপি মিত্ৰজোঁট চৰকাৰৰ উন্নয়নৰ ছবিখন এনেদৰেই উন্মোচিত হৈছে কলিয়াবৰৰ এই অঞ্চলত ৷ পথৰ দুৰৱস্থাৰ বাবেই পত্নীক চিকিৎসাৰ বাবে চাইকেলত উঠাই থেলি-থেলি নিব লগা হৈছে এজন বৃদ্ধই ৷ এতিয়া এনে দৃশ্য সুলভ কলিয়াবৰ নিজৰি গাঁৱত ৷ ঈদৰ আনন্দৰ মাজতে অসুস্থ পত্নীক এনেদৰে চিকিৎসালয়লৈ নিবলৈ বাধ্য হৈ পৰিছে লোকজন (Keshab Mahanta Minister Assam Govt) ৷

কলিয়াবৰৰ নিজৰি গাঁও-হাট বাগান সংযোগী পথছোৱা বিগত ৩৭ বছৰ ধৰি বিপৰ্যস্ত হৈ আছে যদিও আজি পৰ্যন্ত মেৰামেতি অথবা পুনঃনিৰ্মাণ হোৱা নাই ৷ পথটোৰ এই দুৰৱস্থাৰ বাতৰি বহুবাৰ প্ৰকাশ পাইছে সংবাদ মাধ্যমত ৷ ইয়াৰ পাচতো সমষ্টিটোৰ বিধায়ক মন্ত্ৰী কেশৱ মহন্ত তথা ৰাজ্য চৰকাৰে বৰ্তমানেও পথটো নিৰ্মাণৰ কোনো ব্যৱস্থা নকৰিলে ৷ পথটোৰে সোমাব নোৱাৰে ১০৮ সেৱাৰ এম্বুলেঞ্চ ৷ ফলত চাইকেলত উঠাই অসুখীয়া ব্যক্তিক চিকিৎসালয়লৈ নিব লগা এক পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ স্থানীয় ৰাইজৰ প্ৰশ্ন, কেতিয়াকৈ এই নৰক যন্ত্ৰণাৰ পৰা ৰাইজে উদ্ধাৰ পাব? পথচোৱা নিৰ্মাণৰ বাবে চকু পৰিবনে মন্ত্ৰী-বিধায়কৰ ?

লগতে পঢ়ক: National Civil Services Day: অসামৰিক সেৱা দিৱস উপলক্ষে খানাপাৰাত বিশেষ অনুষ্ঠান

Last Updated : Apr 22, 2023, 9:29 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.