ETV Bharat / state

সাহাৰ্যৰে পেটৰ ভোক মাৰিব পাৰিলেও দূৰ কৰিব নোৱাৰি অভাৱ..

লক্​ ডাউনৰ সময়ত চৰকাৰী চাউল-ডাইলেৰে ভোক নিবাৰণ হ'লেও অন্যান‍্য প্ৰয়োজন পূৰাবলৈ সক্ষম নহয় বহু পৰিয়াল ‌। দৈনিক হাজিৰাৰে পৰিয়াল পোহপাল দিয়া বহু ব‍্যক্তিয়ে এতিয়া কৰ্মৰ অভাৱত দিনতে আন্ধাৰ দেখিছে । কলিয়াবৰৰ হোমেশ্বৰ বৰাৰ পৰিয়ালতো একেই পৰিৱেশ সৃষ্টি হৈছে ৷

Poor Family Seeking Help at Kaliabor
কলিয়াবৰৰ দুৰ্ভগীয়া পৰিয়াল
author img

By

Published : May 6, 2020, 8:05 PM IST

কলিয়াবৰ,6 মে’ঃ লক্​ ডাউনৰ বাবে দুৰ্দশাগ্ৰস্ত হৈ পৰিছে ৰাজ্যৰ একাংশ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা পৰিয়াল ৷ লক্​ ডাউনৰ ম্যাদ যিমানে বাঢ়িছে, সিমানে বাঢ়িছে সাধাৰণ মানুহৰ দুখ-দুৰ্দশা । অৱধাৰিতভাৱে বাঢ়ি গৈছে জীৱনৰ জটিলতা । এমুঠি আহাৰৰ বাবে বাট চাই থকা তেনে এজন ব্যক্তি হৈছে হোমেশ্বৰ বৰা । কলিয়াবৰ মহকুমাৰ কটিয়া গাঁৱৰ এইজন ব্যক্তিৰ ঘৰৰ মুধচৰ জলঙাৰে তৰা গণিব পৰা পৰিস্থিতি উদ্ভৱ হৈছে ৷ জৰাজীৰ্ণ জুপুৰিটো নেদেখিলে ইয়াৰ প্ৰতিচ্ছৱি অনুধাৱন কৰাটো যথেষ্ঠ কঠিন ৷ একমাত্ৰ পুত্ৰৰ মৃত্যুৰ পিছত বিশেষভাৱে সক্ষম বৃদ্ধ হোমেশ্বৰ এতিয়া পৰিয়ালটোৰ বাবে জীৱিকাৰ একমাত্ৰ ভৰষা । শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি দিন-হাজিৰা কৰি উপাৰ্জন কৰা দুজনীয়া পৰিয়ালটোৰ বৰ্তমান নাজল-নাথল অৱস্থা সৃষ্টি হৈছে । ফলত অন্ধকাৰাচ্ছন্ন ভৱিষ্যতৰ দিশে আগবাঢ়িছে পৰিয়ালটো ৷

লগতে চাওকঃ বহিঃৰাজ্যৰ পৰা অহা লোকক আদৰিবলৈ সাজু তেজপুৰ কেন্দ্ৰীয় বিদ্যালয়

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.