ETV Bharat / state

কলিয়াবৰত গড়কাপ্তানি পথৰ বিধ্বস্ত ৰূপ! পথচাৰীয়ে ভূগিছে যমৰ-যাতনা - গড়কাপ্তানী

কলিয়াবৰৰ সদা ব্যস্ত জখলাবন্ধা - চিকনী গড়কাপ্তানি পথৰ কদৰ্য‍ ৰূপ ৷ ভঙা-ইটা-কংক্ৰীটৰ দ'মকে ধৰি আৱৰ্জনা আৰু পথটোত সৃষ্টি হোৱা গাঁতবোৰে যাতায়তৰ বাবে অনুপযোগী কৰি তুলিছে পথটো ৷

সদা ব্যস্ত পদ পথৰ দুৰৱস্থা !
author img

By

Published : Aug 4, 2019, 2:35 PM IST

কলিয়াবৰ,4 আগষ্টঃ অতি কম দিনৰ ভিতৰতে যাতায়তৰ অনুপযোগী হৈ পৰিছে কলিয়াবৰৰ সদা ব্যস্ত জখলাবন্ধা - চিকনী সংযোগী গড়কাপ্তানি পথটো । ভঙা-ইটা-কংক্ৰীটৰ দ'মকে ধৰি আৱৰ্জনা আৰু পথটোত সৃষ্টি হোৱা গাঁতবোৰে যাতায়তৰ বাবে অনুপযোগী কৰি তুলিছে পথটো ৷ বিগত 27 এপ্ৰিলত বেদখলমুক্ত কৰা পথচোৱাৰ সম্প্ৰসাৰণ আৰু মেৰামতিৰ নামত প্ৰশাসনে ভেঁকোভাৱনা কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

সদা ব্যস্ত পদ পথৰ দুৰৱস্থা !

"ক্লীন জখলাবন্ধা" , গ্ৰীন জখলাবন্ধা" অভিযানেৰে বিশেষ সুনাম কঢ়িয়াবলৈ সক্ষম হোৱা জখলাবন্ধাত জাৱৰ নিষ্কাষণৰ বাবে নাই কোনো উপযুক্ত ব্যৱস্থা ৷ জখলাবন্ধা-হাতীমূৰা গড়কাপ্তানি পথৰ কাষৰীয়া কলঙৰ পাৰত নিষ্কাষিত জাৱৰ-জোঁথৰবোৰ জমা কৰাৰ ফলত সমগ্ৰ অঞ্চলটোতে এক অপৰিস্কাৰ পৰিৱেশে বিৰাজ কৰাৰ লগতে কাষতে থকা জখলাবন্ধা ৰাজহুৱা শ্মশানখনতো সমস্যাৰ সৃষ্টি কৰিছে ৷ আৱৰ্জনাৰ পৰা ওলোৱা দুৰ্গন্ধই কাষৰীয়া বাসিন্দা আৰু পথচাৰীৰ বাবে অস্বস্তিকৰ অৱস্থাৰ সৃষ্টি কৰিছে ৷ স্থানীয় ৰাইজে "ক্লীন জখলাবন্ধা", "গ্ৰীন জখলাবন্ধা" কৰ্তৃপক্ষৰ লগতে কলিয়াবৰ মহকুমা প্ৰশাসনক শীঘ্ৰেই এই বিষয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷

Intro:জখলাবন্ধা - চিকনী গড়কাপ্তানী পথৰ কদৰ্য‍্য ৰূপ
বোক-পানীৰ ভৰি পৰা গাঁত, যান-বাহন পথাচাৰীৰ দুৰ্ভোগ
জখলাবন্ধা বাণিজ‍্যিক এলেকাৰ আৱৰ্জনা ব‍্যৱস্থাপনাত সমস‍্যাBody:কলিয়বৰৰ সদা-ব‍্যস্ত বাণিজ‍্যিক স্থান জখলাবন্ধা। জখলাবন্ধা - চিকনী সংযোগী গড়কাপ্তানী পথটো অতি কম দিনৰ ভিতৰতে যাতায়তৰ অনুপযোগী হৈ পৰিছে। প্ৰায় এক কিলোমিটাৰ পথ এতিয়া গাঁত। ফলত বৰষুণ দিলেই গাঁতবোৰ পানীৰে পৰিপূৰ্ণ হৈ পথাচাৰীৰ আহুকালৰ কাৰণ হোৱা পৰে। জখলাবন্ধাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ সংযোগস্থলতে এইয়া বোকা-পানীৰে যাতায়তৰ সম্পূৰ্ণ অনুপযোগী হৈ পৰিছে। তাৰোপৰি বেদখলমুক্ত কৰাৰ সময়ত ঢাঙি দিয়া দোকানগৃহ নিৰ্মাণৰ নামত পথত ভঙা-ইটা-কংক্ৰীটৰ দ'ম। অথচ কাণষাৰ নাই নাতি দুৰতে থকা কলিয়াবৰ গড়কাপ্তানী বিভাগৰ গ্ৰাম‍্য পথ সংমণ্ডলৰ অভিযন্তাৰ কাৰ্য‍্যালয়। উল্লেখযোগ‍্য যে, যোৱা ২৭ এপ্ৰিলৰ দিনা জখলাবন্ধা-চিকনী পথটোৰ দুইকাষৰ বেদখল মুক্ত কৰিছিল। সেই সূত্ৰে পথছোৱা সোনকালে গড়কাপ্তানী বিভাগে সম্প্ৰসাৰণ আৰু মেৰামতি কৰিব বুলি স্থানীয় বাসিন্দাই আশা কৰিছিল যদিও ইয়াৰ এক বিপৰীত দৃশ‍্যহে শেহতীয়াকৈ পৰিলক্ষিত হৈছে।
ইতিমধ‍্যে "ক্লীন জখলাবন্ধা, গ্ৰীন জখলাবন্ধা" অভিযানেৰে পৰিস্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত দুৰণীবটীয়া যাত্ৰী তথা কলিলিবৰ অঞ্চলৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। দৈনিক পৰিস্কাৰ কৰ্মীসকলে জখলাবন্ধাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথ আৰু পথৰ দুয়োকাষে থকা ব‍্যৱসায়ীক প্ৰতিষ্ঠানৰ সমুখভাগ পৰিস্কাৰ কৰাৰ ক্ৰুটি কৰা নাই। কিন্তু নিষ্কাষিত জাৱৰ-জোঁথৰবোৰ জমাকৰণৰ সঠিক স্থান আৰু ব‍্যৱস্থাপনাৰ অভাবে গোটেই পৰিস্কৰণ অভিযানটোকেই ভ্ৰুকুটি কৰিছে। জখলাবন্ধাৰ "ক্লীন জখলাবন্ধা, গ্ৰীন জখলাবন্ধা"ৰ অস্থায়ী কাৰ্য‍্যালয়ৰ পৰা মাত্ৰ এক কিলোমিটাৰ নিলগত জখলাবন্ধাৰ পৰা নিষ্কাষিত হোৱা জাৱৰ-জোঁথৰবোৰ কলঙৰ পাৰত জখলাবন্ধা-হাতীমূৰা গড়কাপ্তানী পথৰ কাষত জমা কৰা হয়। ইয়াৰ ফলত এক অপৰিস্কাৰ পৰিৱেশে বিৰাজ কৰিছে। ক্ৰমাৎ কাষৰীয়া বাসিন্দা আৰু পথাচাৰীৰ বাবে অস্বস্তিকৰ হৈ পৰিছে। আৱৰ্জনাৰ দ'মৰ সমীপতে থকা জখলাবন্ধা ৰাজহুৱা শ্মশানখনো সমস‍্যাত পৰিছে। আৱৰ্জনাৰ দ'মৰ মাজৰ পৰা প্লাষ্টিক, কাগজবোৰ বতাহত চৌদিশে বিয়পি পৰিছে।
অনান‍্য পচনযোগ‍্য আৱৰ্জনাৰ পৰা ওলোৱা দুৰ্গন্ধই "ক্লীন জখলাবন্ধা"ৰ "ডাৰ্টি জখলাবন্ধা"ৰ ছবি এখন দাঙি ধৰিছে। এই ক্ষেত্ৰত "ক্লীন জখলাবন্ধা, গ্ৰীন জখলাবন্ধা" কৰ্তৃপক্ষ আৰু অভিযানটোৰ তদাৰকৰ দয়িত্বত থকা কলিয়াবৰ মহকুমা প্ৰশাসনৰ সোপা-ঢিলা নীতিৰ ফলত আৱৰ্জনা জমাকৰণ ব‍্যৱস্থাপনাৰ বিষয়টোৱে বিশেষ গুৰুত্ব পোৱা নাই।
এই বিষয়ে "ক্লীন জখলাবন্ধা, গ্ৰীন জখলাবন্ধা" কৰ্তৃপক্ষই প্ৰশাসনৰে আলোচনাৰ জৰিয়তেহে আৱৰ্জনাৰ সমস‍্যাটো দুৰ কৰিব পৰা যাব বুলি মন্তব‍্য কৰিছে।
স্থানীয় বাসিন্দাই পথ মেৰামতি কাৰ্য‍্য আৰু আৱৰ্জনাৰ সমস‍্যাত অনতিপলমে বিভাগীয় তৎপৰতা কামনা কৰিছে।Conclusion:visuals
bite
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.