ETV Bharat / state

ফলক বিহীন চামগুৰিৰ এটা বিয়াগোম বিভাগৰ কাৰ্যালয়

author img

By

Published : Jun 17, 2021, 7:36 PM IST

Updated : Jun 17, 2021, 9:11 PM IST

চামগুৰিত পূৰ্বৰ গড়কাপ্তানি বিভাগ তথা বৰ্তমানৰ লোক নিৰ্মাণ বিভাগৰ এটা বিশেষ কাৰ্যালয় ৷ ফলক বিহীন ভাৱে বছৰৰ পাচত বছৰ ধৰি পৰিত্যক্ত অৱস্থাত আছে কাৰ্যালয়টো ৷ প্ৰায় দহজন কৰ্মচাৰী থকা এই কাৰ্যালয়টোত মাথো দুই এজন কৰ্মচাৰীহে উপস্থিত থাকে ৷ বিষয়া-কৰ্মচাৰীৰ এনে কাণ্ড দেখি চকু কপালত উঠিছে সাধাৰণ ৰাইজৰ ৷

poor condition of a PWD department's office in Samaguri
ফলক বিহীন চামগুৰিৰ এটা বিয়াগোম বিভাগৰ কাৰ্যালয়

চামগুৰি,17 জুন : নগাঁও জিলাৰ চামগুৰিত থকা এটা বিশেষ কাৰ্যালয় ৷ কাৰ্যালয়টো কি বিভাগৰ সেয়া চাগে হয়তো বহুতেই নাজানে ৷ কাৰণ বছৰৰ পৰা বছৰ ধৰি পৰিত্যক্ত অৱস্থাত আছে কাৰ্যালয়টো ৷ জৰাজীৰ্ণ অৱস্থাত থকা কাৰ্যালয়টো হৈছে লোক নিৰ্মাণ বিভাগ তথা পূৰ্বৰ গড়কাপ্তানি বিভাগৰ কাৰ্যালয় ৷ কিন্তু এই কাৰ্যালয়টো কোনো লোকে বিচাৰি ফুৰিলেও বিচাৰি নাপাব ৷ কাৰণ কাৰ্যালয়টোৰ সন্মুখত নাই ফলক, নাই কোনো জাননী ৷ প্ৰায় দহজন কৰ্মচাৰী থকা এই কাৰ্যালয়টোত উপস্থিত থাকে মাথো দুই এজন কৰ্মচাৰীহে ৷ তাৰোপৰি বিভাগটোৰ শীৰ্ষ বিষয়া গৰাকী উপস্থিত থাকে যদিও তেখেত থাকে পৰিদৰ্শন বাংলো(IB)ত হে ৷ কাৰণ কম্পিউটাৰ বা লাগতিয়াল বস্তু হেনো পৰিদৰ্শন বাংলো (IB)ত হে আছে ৷

ইফালে, ৰাজ্য চৰকাৰে বিভাগটোৰ নাম সলনি কৰিলেও কিন্তু সলনি নহ'ল কাৰ্যালয়টোৰ ভিতৰচ'ৰা ৷ কাৰ্যালয়টোৰ সন্মুখতে চাৰিলেন যুক্ত ৰাস্তাৰ বাবে নিৰ্মাণ কৰা হৈছে এটা বৃহৎ ন'লা ৷ ন'লাটোৰ ভাজবোৰ দেখি সাধাৰণ ৰাইজৰ চকু কপালত উঠিছে যদিও কাৰ্যালয়টোৰ একেবাৰে সন্মুখত থকা বিভাগটোৰ কৰ্মচাৰীৰ চকুতহে এতিয়াও পৰিলক্ষিত হোৱা নাই এই বেকা ন'লাটো ৷ মুখ্যমন্ত্ৰীৰ নিজৰ দায়িত্বত থকা লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ৰ ফোপোলা স্বৰূপ দেখি ৰাইজেও ভাবিবলৈ বাধ্য হৈছে, এনেকৈ আৰু কিমান উন্নয়ন কৰিব বিভাগটোৱে ৷

লগতে পঢ়ক: বিদ্যুৎ বিভাগৰ বিৰুদ্ধে সৰৱ বিধায়ক মৃণাল শইকীয়া

Last Updated : Jun 17, 2021, 9:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.