নগাঁও, 5 ডিচেম্বৰ : কেইদিনমান পূৰ্বে টকাৰ উজান উঠিছিল নগাঁৱৰ কলঙত । পিছে এইবাৰ টকা অথবা মাছ নহয়, ড্ৰাগছ বিচাৰি আৰক্ষীয়ে চলাথ কৰিছে কলঙত ।
নগাঁও চহৰৰ আৰ এন বি ৰোডৰ কলঙৰ পাৰৰ এটা ঘৰত ড্ৰাগছকে ধৰি বিভিন্ন অসমাজিক কাৰ্যকলাপ চলাই আহিছিল । এই খবৰ লাভ কৰি নগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক অনিতা হাজৰিকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান আৰম্ভ কৰে । আৰক্ষী উপস্থিত হোৱা দেখিয়েই ঘৰটোত থকা মহিলা আৰু এজন লোকে কলঙত দলিয়াই দিয়ে ঘৰটোত মজুত ৰখা বুজন পৰিমাণৰ ড্ৰাগছ ।
আৰক্ষীয়ে লগে লগে কলঙতে অভিযান চলাই বহু পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় । লগতে ঘৰটোত থকা মহিলাগৰাকীৰ লগতে লোকজনকো আটক কৰে আৰক্ষীৰ দলটোৱে ।
লগতে পঢ়ক: MSP, APMC সন্দৰ্ভত কেন্দ্ৰক সমালোচনা ৰাহুল গান্ধীৰ