ETV Bharat / state

নগাঁৱত হাতীবন্ধুৰ গছপুলি ৰোপণৰ কাৰ্যসূচী

নগাঁৱত হাতীবন্ধুৰ উল্লেখনীয় পদক্ষেপ ৷ সেউজ ধৰণী গঢ়াৰ সংকল্পৰে শালনা আৰু পাৰ্কুপ বনাঞ্চলিক কাৰ্যালয়ৰ সহযোগত অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ চৌহদত ৰোপণ কৰা হয় গছপুলি ।

নগাঁৱত হাতীবন্ধুৰ গছপুলি ৰোপনৰ কাৰ্যসূচী

author img

By

Published : Jun 20, 2021, 11:01 PM IST

চামগুৰি,20 জুন : হাতীবন্ধু নামৰ এটি বেচৰকাৰী সংগঠনৰ উত্তম পদক্ষেপ ৷ সেউজ ধৰণী গঢ়াৰ সংকল্পৰে নগাঁৱৰ বিভিন্ন অঞ্চলত ৰোপণ কৰা হয় গছপুলি ৷ দেওবাৰে নগাঁৱৰ শালনা আৰু পাৰ্কুপ বনাঞ্চলিক কাৰ্যালয়ৰ সহযোগত অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ চৌহদত ৰোপণন কৰা হয় বহু গছপুলি ৷

নগাঁও আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী অঞ্চল কঠালগুৰিৰ এগৰাকী প্ৰকৃতিপ্ৰেমী লোক উত্তম কে চাংমাৰ আহ্বানমৰ্মে হাতীবন্ধু নামৰ এটি বে-চৰকাৰী সংগঠনে সেউজ ধৰণী গঢ়াৰ সংকল্পৰে অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ চৌহদত ৰোপণ কৰে বিভিন্ন প্ৰজাতিৰ গছপুলি । কেৱল হাতীবন্ধু সংগঠনটোৱে নহয় অঞ্চলটোৰ স্থানীয় ৰাইজে বিশেষকৈ কাৰ্বি জনগোষ্ঠীয় মহিলাসকলেও আগভাগ লয় এই গছপুলি ৰোপণৰ কাৰ্যসূচীত ৷ বৃহত্তৰ কঠালগুৰি অঞ্চলৰ তিনিখনকৈ বিদ্যালয়ৰ চৌহদত ৰোপণ কৰা হয় বিভিন্ন প্ৰজাতিৰ গছৰ পুলি ৷

নগাঁৱত হাতীবন্ধুৰ গছপুলি ৰোপনৰ কাৰ্যসূচী

এই গছপুলি ৰোপণৰ কাৰ্যসূচীত উপস্থিত থাকে কঠালগুৰি অঞ্চলৰ তিনিখনকৈ বিদ্যালয় কৰ্তৃপক্ষৰ লগতে বন বিভাগৰ লোক ৷ উল্লেখ্য যে, কঠালগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নৱ কুমাৰ বৰাই হাতীবন্ধু নামৰ সংগঠনটোৰ এই পদক্ষেপক শলাগ জনায় ৷ দেওবাৰে ৰোপণ কৰা গছপুলিসমূহ সম্পূৰ্ণ প্ৰতিপালন কৰাৰ দায়িত্ব গ্ৰহণ কৰে কঠালগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীয়ে ৷

সকলো ৰাইজকে গছপুলি ৰোপণ কৰি তাৰ প্ৰতিপালন কৰিবলৈ আহ্বান জনাই শিক্ষক নৱ কুমাৰ বৰাই ৷ লগতে উক্ত কাৰ্যসূচীত পাৰ্কুপ বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া ডন বৰা আৰু শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত চাপানালা উপ কেন্দ্ৰৰ বন বিষয়া আৰু কঠালগুৰিৰ পহৰা চকীৰ বনকৰ্মী উপস্থিত থাকে ৷ অঞ্চলবাসী ৰাইজৰ সহযোগত বনকৰ্মী সকলেও একোটিকৈ গছপুলি ৰোপণ কৰে ।

লগতে পঢ়ক: কাকপথাৰত ব্ৰাউন চুগাৰসহ দুই দম্পতী গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.