ৰূপহীহাট, 26 মে’ : ৰূপহীহাটৰ জুৰীয়াৰ মেলেকাধিং তিনি আলিত উত্তপ্ত পৰিস্থিতি । জাহাংগীৰ আলম নামৰ এটা ডকাইতে হাতত পিষ্টল লৈ বজাৰত সাধাৰণ ৰাইজক ভয়-ভাবুকি প্ৰদান কৰাত উত্তপ্ত হৈ পৰে মেলেকাধিং তিনি আলিৰ পৰিস্থিতি ৷ হাতত পিস্তল দেখি ৰাইজে হুলস্থুল লগোৱাত পথাৰেদি পলাই সাৰিবলৈ সক্ষম হয় জাহাংগীৰ ৷
ঘটনা সন্দৰ্ভত ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী বিষয়া উপস্থিত হৈ জাহাংগীৰৰ ঘৰত তালাচী চলায় ৷ এই তালাচীত জাহাংগীৰৰ ঘৰৰ পৰা বহু সংখ্যক ড্ৰাগছৰ খালি কন্টেইনাৰৰ লগতে এটা পিষ্টল জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।
উল্লেখ্য যে, জাহাংগীৰ আলমে আগতেও কেইবাবাৰো এনেদৰে পিস্তল দেখুৱাই ডকাইতি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ৷ কিন্তু জেলৰ পৰা ওলাই আহি পুনৰ মুকলি কৈ পিস্তল লৈ ৰাইজক ভাবুকি দিয়া কাৰ্যত গঞা ৰাইজ আতংকিত হৈ পৰিছে ৷ এই ক্ষেত্ৰত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও জাহাংগীৰক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷
লগতে পঢ়ক : এসপ্তাহত 18 টা ড্ৰাগছ বিৰোধী অভিযান আনন্দ মিশ্ৰৰ