ETV Bharat / state

কলমৰ শক্তিৰে জীৱন সংগ্ৰামৰ বাট সুচল কৰা জোৱলা বৰাৰ কথাৰে

বিশেষ সক্ষমতাক আওকাণ কৰি গৌৰৱ বুটলা এগৰাকী যুৱতী ৷ সাহিত্যৰ পৃথিৱীত আছে তেওঁৰ বিশেষ সমাদৰ ৷ জীৱন বাটত থমকি নোৰোৱা সেই সাহসী যুৱতী গৰাকী ৰহাৰ সমীপৱৰ্তী কুজাৰবড়ী গাঁৱৰ জোৱলা বৰা ৷

author img

By

Published : Jun 24, 2020, 7:39 PM IST

physically able juwala borah is inspiration for today's society

ৰহা, 24 জুনঃ ৰহাৰ সমীপৱৰ্তী কুজাৰবড়ী গাঁৱৰ শশীকান্ত বৰা আৰু জয়ন্তী বৰাৰ জীয়ৰী জোৱলা বৰা ৷ চতুৰ্থ শ্ৰেণীত থোকেতেই এবাৰ চাইকেলৰ পৰা পৰিছিল জোৱলা ৷ সেই দুৰ্ঘটনাই যুৱতী গৰাকীৰ জীৱনৰ গতিপথত এক বিৰাম আনিছিল যদিও, থমকি নৰ'ল তেওঁ ৷ সেই দুৰ্ঘটনাই বিকল কৰিছিল জোৱলাৰ শৰীৰত তলৰ অংশ ৷ বহু চিকিৎসাৰ অন্ততো খোজ কঢ়াত অপাৰগ হৈ ৰ'ল জোৱলা ৷ শাৰিৰীক বাধাৰ বাবে উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হৈয়েই শিক্ষা জীৱন সাং কৰিবলগীয়া হয় জোৱলাই ৷ তাৰ পিচতেই হাতত তুলি লোৱা কলমটোৱেই শক্তি হৈ পৰিল দিনটোৰ বেছি সময় বিছনাতে পাৰ কৰা জোৱলাৰ ৷ কলমৰ নীলাৰে জোৱলাই বগা কাগজত ৰচি গ'ল কবিতা, গল্প, প্ৰবন্ধ ৷

স্ব-জীৱনক লৈ ৰচিত 'মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছো' কবিতাপুথি 'বেদনাৰ মিঠা মাদকতা' গল্প সংকলন 'মৌনতাৰ কোলাহল'

জোৱলাৰ লিখনীয়ে মুগ্ধ কৰিলে অসমীয়া সাহিত্য জগতৰ বহু পুৰোধা ব্যক্তিক ৷ আনকি প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঞিৰ মনতো সাঁচ বহুৱালে জোৱলাৰ লিখনীয়ে ৷ সাহিত্যিক গৰাকীয়ে জোৱলাৰ লিখনীসমূহ প্ৰকাশৰো দিহা কৰিলে সেই সময়ত তেওঁৰ সম্পাদনাত প্ৰকাশিত 'আমাৰ অসম' কাকতত ৷ জোৱলাৰ এই অবিৰত যাত্ৰাৰ সাক্ষ্য বহন কৰে ২০১৬ চনত তাইৰ স্ব-জীৱনক লৈ ৰচিত 'মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছো' কবিতাপুথি 'বেদনাৰ মিঠা মাদকতা' গল্প সংকলন 'মৌনতাৰ কোলাহল'কে ধৰি বহু লিখনীয়ে ৷ লগতে জোৱলাৰ কলমৰ শ্ৰেষ্ঠতাক প্ৰতিপন্ন কৰিছে ২০১৭ বৰ্ষত জোৱলাই লাভ কৰা অসম সাহিত্য সভাৰ গিৰিধৰ শৰ্মা সোঁৱৰণী বঁটাই ৷

জোৱলা বৰাই লাভ কৰা গিৰিধৰ শৰ্মা সোঁৱৰণী বঁটা

জোৱলা হৈছে সঁচা অৰ্থত জীৱন যুঁজৰ সেনানী ৷ পদে পদে অহা ভিন্ন বাধাক ওফৰাই জীৱন যুঁজত নিজকে জয়ী কৰা জোৱলাৰ আদৰ্শৰে অনুপ্ৰাণিত হ'লে নিশ্চয় জয়ী হ'ব সকলো ৷ জোৱলাৰ কথাৰে ক'বলৈ হ'লে যন্ত্ৰণাই যদি আপোনাৰ হাতাশাগ্ৰস্ত কৰে, তেন্তে আপুনি কেতিয়াও আগুৱাই যাৱ নোৱাৰে ৷

কলমৰ শক্তিৰে জীৱন সংগ্ৰামৰ বাট সুচল কৰা জোৱলা বৰাৰ কথাৰে

লগতে পঢ়কঃ নাৰী সুৰক্ষাৰ দাবীৰে আপৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.