কলিয়াবৰ, 24 জুন: কলিয়াবৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তত্বাৱধানত জলজীৱন আঁচনিৰ ফোঁপোলা স্বৰূপ(Jal Jeevan Scheme) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ জনগণৰ সুবিধাৰ্থে জলজীৱন আঁচনি নামৰ এক অভিলাষী আঁচনি ৰূপায়ণ কৰিছিল । সেইমৰ্মে অসমৰ চুকে-কোনে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী পাব পৰাকৈ স্থাপন কৰা হৈছিল নল ।
সমান্তৰালকৈ কলিয়াবৰতো ঘৰে-ঘৰে বিশুদ্ধ খোৱা পানী পাব পৰাকৈ নল স্থাপন কৰা হৈছিল । কিন্তু নল স্থাপন কৰাৰ পাচৰে পৰা ৰাইজে আজি পৰ্যন্ত পানী লাভ নকৰাৰ অভিযোগ উত্থাপিত হৈছে (Pradhan Manti Jal Jeevan Scheme in Kaliabor)।
কলিয়াবৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত গড়খলাৰ প্ৰায় 50টা পৰিয়ালে পানী লাভ নকৰাৰ অভিযোগ । ঘৰে-ঘৰে নল আছে কিন্তু নাই জল । যাৰ ফলত ৰাইজে খাব লগীয়া হৈছে আইৰণযুক্ত পানী । বৰ্তমান জলজীৱন আঁচনিৰ পৰা গ্ৰামাঞ্চলৰ ৰাইজ উপকৃত হোৱাৰ পৰিবৰ্তে একাংশ ঠিকাদাৰহে উপকৃত হোৱাৰ অভিযোগ ৰাইজৰ ৷
লগতে পঢ়ক : অসমৰ বানপানী সমস্যাক লৈ কি ক'লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ?