মৰিগাঁও, ১৭ জানুৱাৰী: ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰ বাবে মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত মৈৰাবাৰী এম ই মাদ্ৰাছাৰ ছাত্র-ছাত্ৰীসকলে শনিবাৰে গুৰুজনাৰ জন্মস্থান আলিপুখুৰী পাতেকিবড়ী সত্ৰত উপস্থিত হয় । ছাত্র-ছাত্ৰীসকলৰ সৈতে শিক্ষক-শিক্ষয়ত্ৰীসকলো উপস্থিত হয় আলিপুখুৰী সত্ৰত । প্ৰধান শিক্ষক হিবজুৰ ৰহমানৰ নেতৃত্বত কেইবা গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক লগত লৈ গুৰুজনাৰ জন্মস্থানত গুৰুজনাৰ সৃষ্টিৰাজিৰ বিষয়েও আলোচনা কৰাৰ লগতে জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ইতিবৃত্তিৰ লগতে বাল্যকালৰ কৰ্মৰাজিৰ বিষয়েও জ্ঞান আহৰণ কৰে এইসকল ছাত্র-ছাত্ৰীয়ে ।
এই ক্ষেত্ৰভিত্তিক অধ্যয়নৰ পাচতে বিদ্যালয়ত এখনি প্ৰতিযোগিতা মূলক ভাৱে গুৰুজনাৰ বিষয়ে ৰচনা লিখাৰ প্ৰতিযোগিতা আয়োজন কৰিব বুলি ঘোষণা কৰে প্ৰধান শিক্ষক হিবজুৰ ৰহমানে ।
লগতে পঢ়ক: মৰাণত লেখিকা জুৰী ৰাজখোৱা গগৈৰ প্ৰথম গ্ৰন্থ " ৰাগ-নন্দিনী" উন্মোচন