নগাঁও, 17 নৱেম্বৰ: নগাঁৱৰেই নহয় সম্প্ৰতি মধ্য অসমৰ উন্নত চিকিৎসাৰ একমাত্ৰ ভৰষাস্থল এইখন নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় (Nagaon BPCH news)। ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ গৃহ জিলাতে থকা এইখন চৰকাৰী চিকিৎসালয়ৰ স্বৰূপ উদঙালে একাংশ ৰোগীয়ে । বাহিৰত জাক জমকতা যিমানেই নাথাকক, চিকিৎসালয়খনত একাংশ ৰোগীয়ে চিকিৎসাৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিয়েই উদঙাইছে চিকিৎসালয়খনৰ চিকিৎসা ব্যৱস্থাৰ প্ৰকৃত স্বৰূপ (Poor infrastructure in Nagaon civil hospital) ।
চিকিৎসালয়খনৰ ভিতৰত ৰোগীৰ অৱস্থা দেখিলে আপোনাৰো চকু কপালত উঠিব ৷ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত বিছনাৰ অভাৱত পকীত শুৱাইয়েই কৰিবলগীয়া হৈছে চিকিৎসা । চিকিৎসালয়খনত নতুনকৈ মুকলি কৰা এটা কক্ষত ৰোগীৰ বাবে বহিবলৈয়ে নাই এখন চকী । যাৰ বাবে যিমান সংকটজনক ৰোগীয়েই নহওক কিয় থিয় কৰায়েই চিকিৎসা অথৱা স্বাস্থ্য পৰীক্ষা কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰোগীৰ একাংশ আত্মীয়ই (Patients got harassment in Nagaon civil hospital)।
আনকি সাপে খুটিওৱা জৰুৰী ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰতো চিকিৎসালয়খনৰ চিকিৎসকে সম্পূৰ্ণ অৱহেলা কৰাৰো অভিযোগ উত্থাপন হৈছে । সাপে খুটিওৱা জৰুৰী অৱস্থাৰ এগৰাকী ৰোগীক বৃহস্পতিবাৰে চিকিৎসাৰ নামত চূড়ান্ত হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপন হৈছে । কেৱল এয়াই নহয় নগাঁৱৰ বামুনীৰ পৰা জৰুৰীকালীন চিকিৎসাৰ বাবে অহা আন এগৰাকী ৰোগীকো চিকিৎসা প্ৰদানৰ নামত হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে (Nagaon BPCH pathetic condition) ।
আনকি সংকটজনক অৱস্থাত থকা ৰোগীগৰাকীক চিকিৎসকে ভৰ্তি কৰাৰ পৰামৰ্শ দিয়ে যদিও বিছনাৰ অভাৱত চৰকাৰী চিকিৎসালয়খনত ভৰ্তি কৰিব পৰা নগ’ল ৰোগীগৰাকীক । অৱশেষত উপায়ন্তৰ হৈ ৰোগীগৰাকীক ভৰ্তি কৰা হয় নগাঁও চহৰৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ।
ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই স্বাস্থ্য খণ্ডৰ উন্নয়নৰ জয় গান যিমানেই নাগাওক কিয়, চৰকাৰী চিকিৎসালয়ত চিকিৎসাৰ নামত এনেদৰে ৰোগী হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া পৰিস্থিতিয়ে উদঙাই স্বাস্থ্য খণ্ডৰ প্ৰকৃত স্বৰূপ । চৰকাৰী চিকিৎসালয়ৰ এনে অৱস্থাৰ বাবেই নগাঁৱত একাংশই স্বাস্থ্যৰ নামত চলাই আহিছে ৰমৰমীয়া ব্যৱসায় । কিন্তু ইমানৰ পিছতো ৰহস্যজনক মৌনতা অৱলম্বন কৰিছে নগাঁও জিলা স্বাস্থ্য বিভাগ তথা প্ৰশাসনে ।
লগতে পঢ়ক: BPF chief meets RSS leader Indresh Kumar: বিজেপিত মিলি যাব নেকি হাগ্ৰামাৰ বিপিএফ !