ETV Bharat / state

জীৱনৰ তাড়ণা : এখন হাতেৰেই জীৱনেৰে যুঁজ দিয়া এগৰাকী ব্যক্তি

এখন হাতেৰে এজন ব্যক্তিৰ অকথ্য জীৱন সংগ্ৰামে এতিয়া উৎকৃষ্ট নিদৰ্শন দেখুৱাইছে। ব্যক্তিজনৰ এখন হাত নাই ৷ এটা দুৰ্ঘটনাত পতিত হৈ প্ৰকাশ কুমাৰ গায়নে হেৰুৱাব লগীয়া হৈছিল নিজৰ সোঁহাতখন । শেহতীয়াকৈ বিশেষভাৱে সক্ষম প্ৰকাশে পদুমনি চাৰিআলিত সৰুকৈ এখন দোকান আৰম্ভ কৰি বিক্ৰী কৰিবলৈ লয় চাহ-ৰুটী-পকৰী আদি নিজে ৰন্ধা বিভিন্ন বিধ ব্যঞ্জনৰ লগতে গেলামালৰ সামগ্ৰী ।

struggle
এখন হাতেৰেই এজন ব্যক্তিৰ জীৱন সংগ্ৰামে
author img

By

Published : Jul 2, 2021, 3:44 PM IST

চামগুৰি, 1 জুলাই : ধৈৰ্য, একগ্ৰতা আৰু নিষ্ঠা থাকিলে মানুহে প্ৰত্যাহ্বান নেওচি সকলো কাম কৰিব পাৰে ৷ সমাজৰ বিভিন্ন জন ব্যক্তিয়ে নিজৰ শাৰিৰীক অক্ষমতাক বাধা হিচাপে নলৈ জীৱন বাটত আগুৱাই গৈছে ৷ এজন ব্যক্তিৰ জীৱন সংগ্ৰাম ৷ ব্যক্তিজনৰ এখন হাত নাই ৷

কিন্তু এই শাৰিৰীক বাধাই তেওঁৰ কৰ্মজীৱনত আঘাত হানিব নোৱাৰিলে ৷ সম্পূৰ্ণ নিষ্ঠাৰে তেওঁ আগুৱাই গৈছে ৷ এই ব্যক্তিজনৰ নাম প্ৰকাশ কুমাৰ গায়ন ৷ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত পদুমনিৰ এজন বিশেষভাৱে সক্ষম ব্যক্তি ।

2004 চনত শিলঘাট মৰাপাট কলত কৰ্মৰত অৱস্থাত এটা দূৰ্ঘটনাত পতিত হৈ প্ৰকাশ কুমাৰ গায়নে হেৰুৱাব লগীয়া হৈছিল নিজৰ সোঁহাতখন । ইমানৰ পিছতো সংযম নেহেৰুৱাই ব্যক্তি গৰাকীয়ে পূৰ্ণোদ্যমে জপিয়াই পৰিছিল জীৱন যুঁজত । এখন হাতেৰেই প্ৰথম অৱস্থাত দিন হাজিৰা কৰি, ঘৰৰে ব্ৰইলাৰ ফাৰ্মত কাম কৰি পোঁহপাল দিবলৈ সক্ষম হৈছিল পত্নী- দুই জীয়ৰী আৰু এটি পুত্ৰ সহ তেওঁৰ সৰু পৰিয়ালটোক ।

এখন হাতেৰেই জীৱনেৰে যুঁজ দিয়া এগৰাকী ব্যক্তি

শেহতীয়াকৈ বিশেষভাৱে সক্ষম প্ৰকাশে পদুমনি চাৰিআলিত সৰুকৈ এখন দোকান আৰম্ভ কৰি বিক্ৰী কৰিবলৈ লয় চাহ-ৰুটী-পকৰী আদি নিজে ৰন্ধা বিভিন্ন বিধ ব্যঞ্জনৰ লগতে গেলামালৰ সামগ্ৰী । এখন হাত নথকাৰ পিছতো আন কোনো লোকৰ সহায় নোলোৱাকৈয়ে দোকান খনত প্ৰকাশে অনায়াসে কৰি যায় সকলোবোৰ সৰু-বৰ কাম । যিবোৰ দৃশ্য দেখি অভিভূত হৈ পৰে স্থানীয় ৰাইজৰ লগতে দোকান খনলৈ অহা গ্ৰাহক সকল ।

কিন্তু উদ্বেগৰ বিষয় এয়ে যে, এখন হাত নথকা বিশেষভাৱে সক্ষম প্ৰকাশ কুমাৰ গায়নৰ অতি কষ্টকৰ জীৱন যুঁজৰ জীয়া ছবি খন দেখা পায়ো আজিকোপতি তেওঁক কোনো সাহায্য চৰকাৰী পক্ষই প্ৰদান কৰা নাই বুলি সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰে চৰম অসন্তুষ্টি । গতিকে এই বিশেষ ব্যক্তি জনক উপযুক্ত সাহায্য প্ৰদান কৰি তেওঁৰ লগতে তেওঁৰ সৰু পৰিয়ালটোক সাময়িকভাৱে সকাহ দিবৰ বাবে চৰকাৰ তথা সংশ্লিষ্ট বিভাগক আহ্বান জনাইছে অঞ্চলটোৰ স্থানীয় ৰাইজে ।

লগতে পঢ়ক:বেলাগাভিৰ সেৱা ফাউণ্ডেশ্যন ৱেলফেয়াৰ ট্ৰাষ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.