ETV Bharat / state

Poor condition of health centre: গৰু গোহালিলৈ পৰিণত স্বাস্থ্য কেন্দ্ৰ - Pathetic condition of Singia health centre

উন্নয়ণমুখী স্বাস্থ্যখণ্ডৰ পঁয়ালগা ৰূপ । গৰু গোহালিলৈ পৰিণত স্বাস্থ্য কেন্দ্ৰ । স্বাস্থ্য বিভাগৰ দায়িত্বহীনতা আৰু সদিচ্ছাৰ অভাৱৰ বাবে পঁয়ালগা অৱস্থা হৈছে চামগুৰিৰ শিঙিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ(Pathetic condition of Singia health centre) ।

pathetic condition of health center
Poor condition of health centre: গৰু গোহালিলৈ পৰিণত স্বাস্থ্য কেন্দ্ৰ
author img

By

Published : Oct 16, 2022, 3:13 PM IST

ছামগুৰি,১৬ অক্টোবৰ: ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফোপোঁলা স্বৰূপ । মুখ্যমন্ত্রী ড৽ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই স্বাস্থ্য বিভাগৰ উন্নয়ণ হোৱা বুলি যিমানেই ফটা ঢোল নবজাওক কিয় প্ৰান্তে প্ৰান্তে উন্মোচিত উন্নযণৰ প্ৰকৃত ছবিখন । স্বাস্থ্য বিভাগৰ দায়িত্বহীনতা আৰু সদিচ্ছাৰ অভাৱৰ বাবে পঁয়ালগা অৱস্থা হৈছে চামগুৰিৰ শিঙিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ(Pathetic condition of Singia health centre) । বিপদৰ সময়ত চিকিৎসক বিচাৰি হাহাকাৰ কৰিবলগীয়া হয় গাঁৱৰ ৰাইজে ।

গৰু গোহালিলৈ পৰিণত স্বাস্থ্য কেন্দ্ৰ

গৰুৰ গোহালিলৈ পৰিণত স্বাস্থ্য কেন্দ্ৰটো । স্বাস্থ্য কেন্দ্ৰটোত নাই কোনো খোৱা পানী তথা বিদ্যুতৰ ব্যৱস্থা । ১০ বছৰ পূৰ্বেই বিকল জেনেৰেটৰ মেৰামতি নহ'ল আজি পৰ্যন্ত । স্বাস্থ্য কেন্দ্ৰটোত নাথাকে কোনো স্থায়ী চিকিৎসক । চিকিৎসকৰ আৱাসিক গৃহ সমূহো গৰু গোহালিলৈ পৰিণত হৈছে । চিকিৎসালয়খনৰ দায়িত্বত থকা কৰ্তৃপক্ষৰ লগতে পৰিচালনা সমিতিয়ে উৰ্দ্ধতম কতৃপক্ষক বাৰম্বাৰ জনোৱাৰ পাছতো গুৰুত্ব নিদিয়াৰ অভিযোগ স্বাস্থ্য় বিভাগৰ বিৰুদ্ধে ।

যাৰ বাবে এতিয়া বহু অসুবিধাৰ সন্মূখীন হ'বলগীয়া স্বাস্থ্যকৰ্মী সকলৰ লগতে ৰোগী সকলো । পৰিচালনা সমিতিৰ লোকসকলে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত অতি শীঘ্ৰে দৃষ্টিগোচৰ কৰি সুন্দৰ স্বাস্থ্য কেন্দ্ৰ গঢ়ি তুলিবৰ বাবে স্বাস্থ্যমন্ত্রীলৈ আহ্ব‍ান জনায় ।

উল্লেখ্য যে যোৱা ৫ অক্টোবৰত স্বাস্থ্য বিভাদগৰ গাফিলতিৰ ফলতেই প্ৰাণ হেৰুৱাইছিল প্ৰতিভাৱান শিল্পী তেজস্বিতা বৰুৱাই । অক্সিজেনৰ অভাৱৰ ফলতে কনমানি শিল্পীগৰাকীৰ মৃত্যুৰ অভিযোগ উত্থাপন হৈছিল । পৰিয়াল তথা স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছিল যে অক্সিজেনৰ অভাৱত চিকিৎসালয়ৰ বিচনাত চটফটাই থাকি অৱশেষত এই পৃথিৱীৰ পৰা বিদায় মাগে কণ্ঠশিল্পীগৰাকীয়ে ।

আনহাতে তেজস্বিতাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌ যাওতেই উচ্চ ৰক্তচাপত ভোগা টীয়কৰ জগদুৱাৰ সোণাৰি গাঁৱৰগাঁ নাৰায়ণ হাজৰিকা নামৰ এজন ৰোগীক জৰুৰীকালীন অৱস্থাত অনা হৈছিল টীয়ক FRU-লৈ । পিছে সেই সময়ত কৰ্তব্যৰত অৱস্থাত থকা চিকিৎসক নামাজ পঢ়িবলৈ গৈছিল । ফলত ৰোগীৰ আত্মীয় চিকিৎসক নাপাই কৰ্মৰত অৱস্থাত থকা নাৰ্ছগৰাকীকে ৰোগীজনক চিকিৎসা কৰিবলৈ অনুৰোধ জনায় যদিও তাতো কোনো সঁহাৰি লাভ নকৰে । পিছত উপায়ন্তৰ হৈ সংকটজনক অৱস্থাত ৰোগীজনক আত্মীয়সকলে ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ (Jorhat Medical College Hospital) লৈ যায় ৷

সঘনে সংঘটিত এনেবোৰ কাণ্ডৰ পাছত ৰাজ্যৰ স্বাস্থ্য খণ্ডত উন্নয়ণ হোৱা বুলি ঢাক-ঢোল বজোৱাতকৈ স্বাস্থ্য কেন্দ্ৰসমূহ উন্নত কৰিবলৈ আহ্বান জনাইছে সৰ্বসাধাৰণ ৰাইজে ।

লগতে পঢ়ক: Zubeen Garg Program in Morigaon : জুবিজু ন গাৰ্গৰৰ্গ অনুষ্ঠানত পুনৰ অপ্ৰীতিকৰ পৰিস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.