ETV Bharat / state

চিকিৎসকৰ অসহযোগ : স্বাস্থ্যমন্ত্ৰীৰ সমষ্টিৰ হাস্পতালত চলিছে বৰভোজ

হোজাইৰ উদালীৰ ঘটনাই যেন কোনো ধৰণৰ ক্ৰিয়া কৰিব পৰা নাই স্বাস্থ‍্যমন্ত্ৰীৰ সমষ্টিৰ একাংশ চিকিৎসক তথা স্বাস্থ্যকৰ্মীক । ৰাজ্যৰ চাৰিওফালে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে কলিয়াবৰৰ পানীগাঁও ৰাজ‍্যিক চিকিৎসালয়ত চলিছে বৰভোজ । সাংবাদিকৰ কেমেৰাত বন্দী সকলো দৃশ্য ।

author img

By

Published : Jun 3, 2021, 7:05 PM IST

panigaon state dispensary
স্বাস্থ্যমন্ত্ৰীৰ সমষ্টিৰ হাস্পতালত চলিছে বৰভোজ

কলিয়াবৰ, ৩ জুন : হোজাইৰ উদালীত সংঘটিত ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । দোষীক উচিত শাস্তিৰ দাবীত ওলাই আহিছে দল সংগঠনসমূহ । ৰাজ্যৰ চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলে অসহযোগ ঘোষণা কৰিছে । এনে সময়তে কলিয়াবৰত সকলোকে লজ্জানত কৰা ঘটনা । এফালে চিকিৎসক, স্বাস্থ্যকৰ্মীয়ে প্ৰতিবাদত নামিছে আৰু কলিয়াবৰত একাংশ ভোজ ভাতৰ আয়োজন কৰিছে এখন চিকিৎসালয়ত । স্বাস্থ্যমন্ত্ৰীৰ সমষ্টি কলিয়াবৰৰ পানীগাঁও ৰাজ্যিক চিকিৎসালয়ত চলিল এই বৰভোজ ।

এগৰাকী নাৰ্চৰ বদলিকৰণৰ বাবেই চিকিৎসালয়ত চলিল বৰভোজৰ আয়োজন । অভিযোগ অনুসৰি চিকিৎসক মন্টু শৰ্মাৰ তত্বাবধানতে আয়োজন কৰা হৈছে ভোজ-ভাতৰ । চিকিৎসালয়ৰ কাৰ্যালয়ৰ কোঠাতে মাংস ৰান্ধি থকা অৱস্থাত উপস্থিত হয় সাংবাদিকৰ দল ।

যি সময়ত সহকৰ্মীৰ নিগ্ৰহৰ বাবে প্ৰতিবাদ কৰিছে একাংশ স্বাস্থ্যকৰ্মীয়ে । সেই সময়ত সামান‍্যতম সহানুভূতি প্ৰদৰ্শন নকৰা চিকিৎসক তথা চিকিৎসাকৰ্মীৰ এনে কৰ্মক ৰাজ‍্যৰ স্বাস্থ‍্য মন্ত্ৰীগৰাকীৰ সমষ্টিৰ ৰাইজে দিছে গৰিহণা ।

লগতে পঢ়ক:কৰিমগঞ্জত বন বিভাগৰ উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.