ETV Bharat / state

জেললৈ যাব নগাঁৱৰ খণ্ড উন্নয়ন বিষয়াঃ নৱ কুমাৰ দলে

author img

By

Published : May 9, 2020, 7:10 PM IST

নগাঁৱৰ এগৰাকী খণ্ড উন্নয়ন বিষয়া জালত পৰাৰো সম্ভাৱনা আছে বুলি পৰোক্ষভাৱে মন্তব্য কৰে বিভাগীয় মন্ত্ৰী নৱ কুমাৰ দলেয়ে। শনিবাৰে নগাওঁ জিলা পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত গ্ৰামোন্নয়ন বিভাগৰ এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰাৰ অন্তত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে গ্ৰামোন্নয়ন মন্ত্ৰীগৰাকীয়ে ।

Panchayat minister Naba kumar doley meeting in Nagaon for rural development
মন্ত্ৰী নৱ কুমাৰ দলে

নগাঁও, 9 মে : অচিৰেই আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা দৰিদ্ৰৰ নামত আবণ্টিত চৰকাৰী ধন আত্মসাৎ কৰা এজন খণ্ড উন্নয়ন বিষয়া । দৰিদ্ৰ জনসাধাৰণৰ বাবে চৰকাৰে আবণ্টন দিয়া 1000 টকীয়া আঁচনিৰ লগতে পঞ্চায়তৰ জৰিয়তে ৰেচন কাৰ্ড নথকা পৰিয়ালক চাউল বিতৰণ কৰাৰ ক্ষেত্ৰতো দুৰ্নীতি সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । নগাঁৱৰ তিনিটাকৈ উন্নয়ন খণ্ডত অধিক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগত ইতিমধ্যেই তদন্ত আৰম্ভ কৰিছে বিভাগীয় কতৃপক্ষই ।

মন্ত্ৰী নৱ কুমাৰ দলে

নগাঁৱৰ এগৰাকী খণ্ড উন্নয়ন বিষয়া জালত পৰাৰো সম্ভাৱনা আছে বুলি পৰোক্ষভাৱে মন্তব্য কৰে বিভাগীয় মন্ত্ৰী নৱ কুমাৰ দলেয়ে। শনিবাৰে নগাওঁ জিলা পৰিষদ কাৰ্যালয়ত অনুষ্ঠিত গ্ৰামোন্নয়ন বিভাগৰ এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰাৰ অন্তত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে গ্ৰামোন্নয়ন মন্ত্ৰীগৰাকীয়ে । লক্​ ডাউনৰ পিছত গ্ৰাম্য অর্থনীতিত যাতে কোনো প্ৰভাৱ নপৰে তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

মন্ত্ৰী নৱ কুমাৰ দলে

আত্মসহায়ক গোটৰ সহযোগত গাঁৱে গাঁৱে মাস্ক প্ৰস্তুত কৰি যোগান ধৰাৰ ব্যৱস্থা কৰিব বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে মন্ত্ৰী নৱ কুমাৰ দলেয়ে । শনিবাৰে অনুষ্ঠিত হোৱা পৰ্যালোচনা সভাত কাৰাগাৰত থকা ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ বাদে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, বিধায়িকা আঙুৰলতা ডেকা, সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা সহ নগাওঁ জিলাৰ আটাইকেইজন বিধায়ক উপস্থিত থাকে । লগতে পৰ্যালোচনা সভাখনত জিলা উপায়ুক্ত যাদৱ শইকীয়া, গ্ৰামোন্নয়ন বিভাগৰ বিষয়াসকলো উপস্থিত থাকে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.