নগাঁও, 11 জুলাই : নগাঁৱত 24 ঘণ্টাৰ ভিতৰত সংঘটিত হৈছে দ্বিতীয়টো গুলীচালনাৰ ঘটনা । ধিঙৰ শালকাটিত দেওবাৰে পুৱতি নিশা আৰক্ষীৰ গুলীত নিহত হয় কুখ্যাত অপৰাধী জয়নাল আবেদিন । নিহত জয়নাল আবেদিন বিভিন্ন অপৰাধৰ লগতে অস্ত্ৰ সৰবৰাহৰ লগতো জড়িত আছিল । এক গোপন খবৰৰ ভিত্তিত দেওবাৰে পুৱতি নিশা নগাঁও আৰু ধিং আৰক্ষীয়ে চলোৱা অভিযানত মৃত্যু হয় জয়নালৰ ৷
নগাঁও আৰু ধিং আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই কুখ্যাত অপৰাধীটোক গ্ৰেপ্তাৰ কৰিবলৈ যাওঁতে আৰক্ষী আৰু ডকাইতটোৰ মাজত চলে গুলীয়াগুলি । এই সংঘৰ্ষত মৃত্যু হয় জয়নাল আবেদিনৰ । আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা ৭.৬৫ ৰ এটা পিষ্টলৰ লগতে তিনিজাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰে ।
লগতে পঢ়ক : নগাঁৱত আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া
ধিং আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে ৷ ইয়াৰ লগতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে ৷ শেহতীয়া বিভিন্ন কাৰ্যকলাপৰ ওপৰত ভিত্তি কৰি দেখা গৈছে যে, নগাঁও আৰক্ষীয়ে অপৰাধৰ বিপক্ষে উঠি-পৰি লাগিছে ৷