ETV Bharat / state

Baffalo attack in Nagaon: বন‌ বিভাগৰ অৱহেলাৰ বাবে মৃত্যুক সাৱতিলে বংশীয়ে ! - বনৰীয়া ম'হৰ সন্ত্ৰাস

ৰাইজৰ দীৰ্ঘদিনীয়া আশংকা শোকাৱহ বাস্তৱত পৰিণত হ'ল বঢ়মপুৰৰ মুৰ্গী লৰাইত । বনৰীয়া ম’হৰ আক্ৰমণত অকাল মৃত্যুক আকোঁৱালি ল’বলগীয়া হয় এজন লোকে (One died in wild buffalo attack)

Baffalo attack in Nagaon
বন‌ বিভাগৰ অৱহেলাৰ বাবে মৃত্যুক সাৱটিলে বংশীয়ে
author img

By

Published : Jan 30, 2022, 2:22 PM IST

চামগুৰি, 30 জানুৱাৰী : নগাঁৱৰ বঢ়মপুৰত বন বিভাগৰ লোকৰ চৰম গাফিলতিৰ বাবে এজন যুৱকৰ মৃত্যু হোৱাৰ অভিযোগ ৷ বঢ়মপুৰৰ মুৰ্গী লৰাইত বনৰীয়া ম’হৰ আক্ৰমণত নিহত হয় লোকজন(One died in wild buffalo attack) ৷ নিহত লোকজনৰ বংশী মুড়া বুলি জানিব পৰা হৈছে ৷ এই পৰ্যন্ত ঘটনাস্থলিত উপস্থিত হোৱা নাই নগাঁও সদৰ আঞ্চলিক বন বিভাগৰ লোক ৷

বংশী মুড়াই পথাৰত গৰু চৰাবলৈ যাওতে আক্ৰমণ কৰে বনৰীয়া ম’হটোৱে(Baffalo attack in Nagaon) । বনৰীয়া ম’হৰ আক্ৰমণত গুৰুতভাৱে আহত হয় লোকজন ৷ স্থানীয় লোকে পাছত বনৰীয়া ম’হটোক খেদি লোকজনক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত নগাঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । কিন্তু চিকিৎসালয়ত মৃত্যু হয় লোকজনৰ ৷

বন‌ বিভাগৰ অৱহেলাৰ বাবে মৃত্যুক সাৱটিলে বংশীয়ে

বন বিভাগৰ চূড়ান্ত অকৰ্মণ্যতাৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ বিগত প্ৰায় এমাহ ধৰি বনৰীয়া ম'হটোৱে উপদ্ৰৱ চলাই আহিছিল চামগুৰি আৰু বঢ়মপুৰৰ বিভিন্ন অঞ্চলত । কিন্তু ইয়াৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল বন বিভাগৰ লোকে । যাৰবাবে দেওবাৰে সংঘটিত হয় এই শোকাৱহ ঘটনা ৷

লগতে পঢ়ক : মাজুলীত গঁড়ৰ আক্ৰমণত আহত এজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.