ETV Bharat / state

চাৰি বছৰৰ পাছত গ্ৰেপ্তাৰ পুত্ৰহন্তা পিতৃ

2017 চনৰ ভেলেণ্টাইন ডে’ৰ সন্ধিয়া অবৈধ সম্পৰ্ক আৰু সম্পত্তিৰ বাবে চাৰিজন ঘাতকৰ সহায়ত নিজ পুত্ৰক হত্যা কৰিছিল হাকিম আলীয়ে ৷

One people arrest in Nagaon
চাৰি বছৰৰ পাছত গ্ৰেপ্তাৰ পুত্ৰহন্তা পিতৃ
author img

By

Published : Feb 20, 2021, 6:59 PM IST

নগাঁও, 20 ফেব্ৰুৱাৰী : নগাঁও জুৰীয়া আৰক্ষীয়ে শনিবাৰে কাৰ্বি আংলঙৰ পৰা গ্ৰেপ্তাৰ কৰে হাকিম আলী নামৰ এজন লোকক । নগাঁৱৰ ৰূপহীহাটৰ জুৰীয়াৰ চিতলমাৰিত হাকিম আলীয়ে চাৰি বছৰৰ পূৰ্বে অবৈধ প্ৰেম আৰু সম্পত্তিৰ বাবে চাৰিজন ঘাতকৰ সহায়ত হত্যা কৰিছিল নিজ পুত্ৰক ৷ উক্ত ঘটনাৰ পাছতেই ঘাতকৰূপী পিতৃ হাতেম আলীৰ বিৰূদ্ধে আনজন পুত্ৰ মজিবুৰ ৰহমানে জুৰীয়া আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল ।

One people arrest in Nagaon
চাৰি বছৰৰ পাছত গ্ৰেপ্তাৰ পুত্ৰহন্তা পিতৃ

এই ঘটনাৰ পাছত সুদীৰ্ঘ চাৰিবছৰ আৰক্ষী চকুত ধূলি দি হাতেম আলীয়ে প্ৰেমিকাক লগত লৈ কাৰ্বি আংলঙত আত্মগোপন কৰি আছিল ৷ উক্ত গোচৰৰ ভিত্তিত জুৰীয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখি সুদীৰ্ঘ চাৰিবছৰৰ অন্তত শনিবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ঘাতকৰূপী কলংকিত পিতৃ হাকিম আলীক ।

লগতে পঢ়ক : সংশোধন হ'ব 'অসম মুক্তি যুঁজাৰু সাহাৰ্য নীতি'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.