ৰূপহীহাট, 24 মে’ : নগাঁৱৰ ৰূপহীহাটৰ জুৰীয়াৰ কাৱৈমাৰিত ক’ভিডত আক্ৰান্ত হৈ দেওবাৰে এজন লোকৰ মৃত্যু হয় ৷ ক’ভিডত মৃত্যু হোৱা লোকজন হজৰত আলী বুলি জানিব পৰা গৈছে । হজৰত আলীৰ ক’ভিড পজিটিভ ধৰা পৰাৰ পাছৰে পৰা হোম আইচলেশ্যনত আছিল ৷ হজৰত আলীৰ শেষকৃত্য ক’ভিড বিধি অনুযায়ী কৰা হয় । জুৰীয়াত এতিয়ালৈ ক’ভিডত আক্ৰান্ত হৈ ৫ গৰাকী লোকৰ মৃত্যু হৈছে ।
উল্লেখ্য যে, নগাঁৱত দেওবাৰে 1,388 গৰাকীৰ ৰেপিড এন্টিজেন টেষ্ট আৰু 21 গৰাকীৰ আৰ টি পি চি আৰ টেষ্ট কৰা হয় ৷ ইয়াৰে 156 গৰাকীৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে ৷ ইয়াৰ লগতে, নগাঁৱত বৰ্তমানলৈকে ক’ৰণাৰ আক্ৰান্তৰ সংখ্যা 7,849 গৰাকীলৈ বৃদ্ধি পাইছে ৷ ইয়াৰে 4,336 গৰাকীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে সক্ৰিয় হৈ আছে 3,479 টা ঘটনা ৷ দেওবাৰে জিলাখনত মৃত্যু হয় 5 গৰাকীৰ ৷ নগাঁৱত মুঠ ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে 46 গৰাকী ৷
লগতে পঢ়ক : দলগাঁৱত সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিলে আমছুৱে