বঢ়মপুৰ,24জুনঃ অসমৰ এগৰাকী উদীয়মান মডেলৰ শৰীৰত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ বিগত ১৯জুনত মুম্বাইৰ পৰা আহিছিল মডেলগৰাকী ৷ মুম্বাইৰ পৰা আহিয়েই কামপুৰ পৌৰ সভাৰ ৩ নং ৱাৰ্ডত হোম কোৱাৰেন্টাইন হৈ আছিল মডেলগৰাকী ৷
নগাঁৱৰ কামপুৰৰ মডেল গৰাকীৰ নাম ঈচিকা বৰা ৷ শেহতীয়াকৈ পোহৰলৈ অহা তথ্য মতে, কামপুৰৰ গৃহত মডেল গৰাকীৰ লগতে থকা এজন ব্যক্তিয়ে পাচলি কিনিবলৈ গৈছিল বজাৰৰ পৰা । স্থানীয় লোকৰ অনুৰোধক উপলুঙা কৰিছিল যুৱতী গৰাকীয়ে । ঈচিকা বৰা নামৰ যুৱতী গৰাকী পজিটিভ ওলোৱাত এতিয়া আতংকিত হৈছে স্থানীয় লোক সকল ৷ ইতিমধ্যে নগাঁও ভোগেশ্বৰী ফুকননী COVID-19 চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে যুৱতী গৰাকীক ৷
লগতে পঢ়কঃমাস্কখনক হিন্দীত বাৰু কি কয় ! উত্তৰ দিলে বিগ বিয়ে