নগাঁও, 7 মে': লক্ ডাউনৰ মাজতে চামগুৰিৰ ভৰাগুৰিত শোকাৱহ দুৰ্ঘটনা । ভৰাগুৰিৰ হাতীগাঁৱত বৃহস্পতিবাৰে বিয়লি বিদ্যুৎৰ নিৰ্মীয়মান টাৱাৰৰ পৰা পৰি মৃত্যু হয় এজন এপিডিচিএলৰ শ্ৰমিকৰ । মৃত লোকজন চামগুৰিৰ গেন্ধালি কছাৰী গাঁৱৰ গকুল চন্দ্ৰ দৈমাৰী বুলি জানিব পৰা গৈছে ।
এপিডিচিএলৰ অধীনত চামগুৰিৰ ভৰাগুৰিত চলি আছিল টাৱাৰ নির্মাণৰ কাম । মেঘা ইলেক্ট্ৰিকেল নামৰ এটা কোম্পানীৰ দায়িত্বত চলি থকা টাৱাৰ নিৰ্মাণৰ কামত নিয়োজিত হৈ থকাৰ সময়তে হঠাৎ সংঘটিত হয় এই দুৰ্ঘটনা । মৃত লোকজনৰ পৰিয়ালৰ লোকৰ লগতে সহকর্মীসকল ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীক খবৰ দিয়াত, আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।