ETV Bharat / state

নীলাপানী হ্ৰদত পুনৰ সন্ধানহীন যুৱক

author img

By

Published : Nov 7, 2020, 7:29 AM IST

এজন বন্ধুৰ সৈতে হ্ৰদটোলৈ ফটো উঠিবলৈ গৈছিল সন্ধানহীন হোৱা যুৱকজন ৷ শুকুৰবাৰে বিয়লি ভাগৰে পৰা সন্ধান নাই যুৱক জনৰ ৷

one-drown-at-nilapani-lake-of-nagaon
নীলাপানী হ্ৰদত পুনৰ সন্ধানহীন যুৱক

চামগুৰি, 7 নৱেম্বৰ: চামগুৰিৰ নীলাপানী হ্ৰদ (Paradise lake)ত পুনৰ অঘটন ৷ শুকুৰবাৰে বিয়লি হ্ৰদটোত সাঁতুৰিবলৈ গৈ এই পৰ্যন্ত সন্ধান নাই নগাঁৱৰ ইটাচালিৰ আয়নাভ হাজৰিকা নামৰ যুৱকজনৰ ৷ জানিব পৰা মতে,শুকুৰবাৰে বিয়লি ভাগত গুৱাহাটীৰ এজন বন্ধুৰ সৈতে হ্ৰদটোত ফটো উঠিবলৈ গৈছিল যুৱকজন৷ ইয়াৰ পাছতে হ্ৰদটোত সাঁতুৰাৰ মন মেলে যুৱকজনে ৷ একাংশই বাধা দিয়াৰ পিছতো হ্ৰদৰ পানীত নামিছিল যুৱকজন ৷ তাৰ পাছৰে পৰাই সন্ধানহীন হৈ আছে আয়নাভ হাজৰিকা নামৰ যুৱকজন ৷

নীলাপানী হ্ৰদত পুনৰ সন্ধানহীন যুৱক

ঘটনাৰ খবৰ পোৱাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰে যদিও সন্ধান নোলাল যুৱকজনৰ ৷ ইফালে আন্ধাৰ হোৱাৰ বাবে শুকুৰবাৰে নিশা উদ্ধাৰ অভিযান স্থগিত ৰাখে আৰক্ষীয়ে ৷ শনিবাৰে পুনৰ উদ্ধাৰ অভিযান চলাব উদ্ধাৰকাৰী দলে ৷ প্ৰত্যক্ষ দৰ্শীয়ে জনোৱা অনুসৰি উক্ত স্থানত নিচা জাতীয় দ্ৰৱ সেৱন কৰিছিল দুই বন্ধুৱে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ৷

লগতে পঢ়কঃ অসমত পুনৰ বিজেপিৰ চৰকাৰ : মনোজ বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.