কলিয়াবৰ, 17 আগষ্ট: কলিয়াবৰত বিষাক্ত ফেঁটী সাপৰ দংশনত মৃত্যু হল কলিয়াবৰৰ সোণাৰি গাঁও নিবাসী মোহন বৰদলৈ নামৰ ৭০ বছৰীয়া এজন লোকৰ ৷ শনিবাৰে পুৱা নিজ বাসগৃহৰ পাছফালে কাম কৰি থকা অৱস্থাত বিষাক্ত সাপদালে দংশন কৰে ব্যক্তিজনক ৷ পিচত লোকজনক ততাতৈয়াকৈ জখলাবন্ধা চিকিৎসালয় ভৰ্তি কৰোৱা হয় যদিও "এণ্টিভেনম" নথকাত জখলাবন্ধা চিকিৎসালয়ত এটা টিটেনাচৰ বেজী দি উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেললৈ প্ৰেৰণ কৰে ৷ ইফালে যাত্ৰা পথতে মৃত্যু ঘটে দুৰ্ভগীয়া লোকজনৰ ৷
উল্লেখযোগ্য যে, অসম চৰকাৰে ৰাজ্যৰ জিলা আৰু মহকুমা সদৰৰ চিকিৎসালয় সমূহত বিষাক্ত সৰ্পৰ বিষ নাশক "এণ্টিভেনম" বেজী বিনামূলীয়াকৈ যোগান ধৰাৰ ঘোষণা কৰিছিল যদিও এই যোগানৰ পৰিমাণ কম হোৱাত এই শোকাৱহ দুৰ্ঘটনাটো ঘটে । সোণাৰিগাঁৱকে ধৰি কলিয়াবৰ পূৱথৰীয়া মৌজাৰ ৬ খনকৈ ৰাজহ গাঁৱৰ চৰকাৰী গাঁওবুঢ়াৰ দায়িত্বত আছিল মৃত মোহন বৰদলৈ ।