ETV Bharat / state

শিল্পী ৰাজীৱ শইকীয়াৰ হাতত প্ৰাণ পাই উঠিছে ৰতন টাটাৰ কংক্ৰিটৰ মূৰ্তি

author img

By

Published : Apr 30, 2022, 6:01 PM IST

অসমৰ এগৰাকী ভাস্কৰ্য শিল্পীয়ে নিৰ্মাণ কৰিছে ৰতন টাটাৰ কংক্ৰিটৰ মূৰ্তি (Assam artist makes concrete statue of Ratan Tata)। মূৰ্তিৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল । ৰাজ্যজুৰি শিল্পীগৰাকীক প্ৰশংসা ।

Ratan Tata
শিল্পী ৰাজীৱ শইকীয়াৰ হাতত প্ৰাণ পাই উঠিছে ৰতন টাটাৰ কংক্ৰিটৰ মূৰ্তি

চামগুৰি, ৩০ এপ্ৰিল : শেহতীয়াকৈ অসমত ৭ খনকৈ কৰ্কট সেৱা কেন্দ্ৰ মুকলি কৰা হৈছে (7 cancer hospitals launched in Assam)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটাই বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ পৰা ভাৰ্চুৱেলী মুকলি কৰে এই সেৱা কেন্দ্ৰ । ইতিমধ্যে এই চিকিৎসালয়ত চিকিৎসাও আৰম্ভ হৈছে । ইয়াৰ পাছতে অসমত পুনৰবাৰ বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৰতন টাটাই।

সামাজিক মাধ্যমত বিভিন্নজনে দেশৰ অন্যতম উদ্যোগপতিগৰাকীক প্ৰশংসা কৰা দেখা গৈছে । একপ্ৰকাৰ অসমত সামাজিক মাধ্যমত নায়ক হৈ পৰিছে ৰতন টাটা । ইয়াৰ মাজতে আন এটা ভিডিঅ'ও বহুলভাৱে প্ৰচাৰ হৈছে । ৰতন টাটাৰ এটা কংক্ৰিটৰ মূৰ্তিয়ে সামাজিক মাধ্যমত বিশেষ স্থান লাভ কৰিছে ।

নগাঁও জিলাৰ চামগুৰিৰ হালোৱাগাঁৱৰ প্ৰবীণ ভাস্কৰ্য্যশিল্পী ৰাজীৱ শইকীয়াই নিৰ্মাণ কৰিছে ৰতন টাটাৰ এই বিশেষ মূৰ্তিটো (Assam artist makes concrete statue of Ratan Tata)। প্ৰায় আঢ়ৈ মাহৰ প্ৰস্তুতিৰ অন্তত যোৱা বছৰৰ নৱেম্বৰ মাহতে ৰতন টাটাৰ মূৰ্তিটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছিল শিল্পী ৰাজীৱ শইকীয়াই । মানৱ দৰদী ৰতন টাটাৰ কৰ্মৰাজিৰ প্ৰতি প্ৰভাৱিত হৈ এই মূৰ্তি নিৰ্মাণ কৰিছিল বুলি শিল্পীগৰাকীয়ে উল্লেখ কৰিছে । ইতিমধ্যে মূৰ্তিটোৰ ভাইৰেল হোৱা এটা ভিডিঅ' বিশিষ্ট উদ্যোগপতি গৰাকীয়েও চেয়াৰ কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক :অসম মেঘালয় সীমান্তৱৰ্তী খাৰখুঁটাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ Paragliding Accuracy Championship

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.