ETV Bharat / state

বটদ্ৰৱা কাণ্ড সন্দৰ্ভত পুনৰ এজনক গ্ৰেপ্তাৰ - নগাঁৱৰ বটদ্ৰৱা ছালনাবড়ি

বটদ্ৰৱা আৰক্ষী থানা জ্বলোৱা ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত পুনৰ আন এজনক গ্ৰেপ্তাৰ নগাঁও আৰক্ষীৰ । এই পৰ্যন্ত ২২ জনকৈ অভিযুক্তক আটক (22 accused involved in Batadraba police station attack)। ইয়াৰে ৬ জনক গ্ৰেপ্তাৰ ।

one-accused-arrested-to-involved-in-batadraba-police-station-attack
বটদ্ৰৱা কাণ্ডৰ সৈতে জড়িত পুনৰ এজনক গ্ৰেপ্তাৰ
author img

By

Published : May 23, 2022, 8:10 AM IST

Updated : May 23, 2022, 9:56 AM IST

নগাঁও, 23 মে' : নগাঁৱৰ বটদ্ৰৱা থানা জ্বলাই দিয়া ঘটনাৰ জড়িত আন এজন অভিযুক্তক দেওবাৰে গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে । বটদ্ৰৱাৰ হাইডুবিৰ আনোৱাৰ হুছেইন নামৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰি নগাঁও সদৰ থানাত সোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ইয়াৰ লগতে শনিবাৰে বটদ্ৰৱা থানাত সংঘটিত হোৱা ভয়ংকৰ আক্ৰমণৰ সৈতে জড়িত 22 জনকৈ অভিযুক্তক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে (22 accused involved in Batadraba police station attack)৷ ইয়াৰে 6 জনক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে ৷

আনহাতে বটদ্ৰৱা থানা জ্বলাই দিয়া গোচৰত শনিবাৰে নিশা গ্ৰেপ্তাৰ হোৱা মজিবুৰ ৰহমান, ৰফিকুল ইছলাম, আনোৱাৰ হুছেইনৰ লগতে মৃত ছফিকুল ইছলামৰ পত্নী ৰচিদা খাতুনক আদালতত হাজিৰ কৰাই জিম্মাত লৈছে নগাঁও আৰক্ষীয়ে ।

ইপিনে, দেওবাৰে দিনৰ ভাগত বটদ্ৰৱা আৰক্ষী থানাত উপস্থিত হৈ ঘটনা সন্দৰ্ভত বুজ লোৱাৰ পিছতেই কেইবাটাও মন্তব্য আগবঢ়াইছিল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই । তেওঁ কয় যে, আৰক্ষী থানা জ্বলোৱা ঘটনাৰ সৈতে জড়িত কোনো এজন ব্যক্তিয়ে ৰেহাই নাপায় । কোনো নিৰ্দোষী লোকক হাৰাশাস্তি কৰাও নহয় বুলিও উল্লেখ কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে । বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, দিন দুপৰতে বটদ্ৰৱা আৰক্ষী থানাত (Mob torched Batadrava police station) সংঘটিত হৈছিল এক ভয়ংকৰ আক্ৰমণ । নগাঁৱৰ বটদ্ৰৱা ছালনাবড়িৰ ছফিকুল ইছলাম নামৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই বটদ্ৰৱা আৰক্ষী থানাত চলিছিল এই আক্ৰমণৰ ঘটনা । এফালৰ জ্বলাই দিয়া হৈছিল আৰক্ষী থানাখন (Fire in Batadrava police station)। যাৰ ফলত ভস্মীভূত হৈছিল আৰক্ষী থানাৰ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ । লগতে সম্পূৰ্ণৰূপে জ্বলি ছাঁই হ'ল আৰক্ষীৰ অস্ত্ৰ-শস্ত্ৰ । এইসকল উদণ্ড লোকৰ আক্ৰমণত আহত হৈছিল তিনিগৰাকীকৈ আৰক্ষী ।

লগতে পঢ়ক : আৰক্ষীৰ চকুৰ আগতেই জ্বলি ছাঁই হ’ল থানা; তৃতীয় শক্তি জড়িত থকাৰ সন্দেহ আৰক্ষীৰ

Last Updated : May 23, 2022, 9:56 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.