ETV Bharat / state

OC Abhajyoti Rabha: হয়বৰগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাক আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ তলব

author img

By

Published : May 20, 2023, 5:12 PM IST

আৰক্ষী বিষয়া অভাজ্যোতি ৰাভাৰ বিৰুদ্ধে গ্ৰহণ কৰা হৈছে শাস্তিমূলক ব্যৱস্থা ৷ SI জোনমণি ৰাভাৰ মৃত্যুৰ বিতৰ্কৰ এক অন্যতম চৰ্চিত নাম হৈছে হয়বৰগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৷

Etv Bharat
Etv Bharat

নগাঁও, 20 মে’: SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা সকলো আৰক্ষী বিষয়াৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষীৰ শীৰ্ষ মহল ৷ পুনৰ নগাঁও জিলাৰ আন এগৰাকী আৰক্ষী বিষয়াক তলব কৰা হয় অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ ৷ হয়বৰগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাক শনিবাৰে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ ক্ল’জ কৰা হয় (OC Abhajyoti Rabha Transferred) ৷

উল্লেখ্য যে, SI জোনমণি ৰাভাৰ মৃত্যুৰ বিতৰ্কৰ এগৰাকী অন্যতম অভিযুক্ত আভাজ্যোতি ৰাভা ৷ সংবাদমাধ্যমৰ আগত জোনমণিৰ মাতৃয়ে সদৰী কৰা অনুসৰি দুৰ্ঘটনাৰ পূৰ্বে আভাজ্যোতি ৰাভাৰ সৈতে আছিল জোনমণি ৰাভা (SI Junmoni Rabha death case) ৷ যি কথা খোদ ফোনযোগে জোনমণিয়ে জনাইছিল মাতৃক ৷ ধনৰ ভাগ বাটোৱাৰাৰ এক বিতৰ্কতো সাঙোৰ খাইছিল আভাজ্যোতি ৰাভাৰ নাম ৷

আনহাতে, তদন্তৰ বাবে নগাঁৱত উপস্থিত হোৱা CIDৰ দলে প্ৰথম দিনাই সমগ্ৰ ঘটনা সন্দৰ্ভত জেৰা কৰিছিল হয়বৰগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাভাক ৷

ইফালে, আজি নগাঁও থানাৰ আৰক্ষী অধীক্ষক লীনা দলেক তাৎক্ষণিকভাৱে বদলি কৰা হয় (SP Leena Doley transferred) ৷ লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাকো কৰা হয় বদলি ৷ ইয়াৰ পূৰ্বে শুকুৰবাৰে নগাঁও আৰু লখিমপুৰ জিলাৰ মুঠ চাৰিগৰাকী আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছিল ৷ ইয়াৰ ভিতৰত আছিল ASP(অপৰাধ) ৰূপজ্যোতি কলিতা, নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশী, লখিমপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতা আৰু নাওবৈচা আৰক্ষী চকীৰ SI সঞ্জীৱ বৰা ৷

মৰিকলং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাক অতি পৰিকল্পিতভাৱে হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰি আহিছে মাতৃয়ে ৷ লগতে ৰাজ্যবাসীয়েও বিচাৰিছে সমগ্ৰ ঘটনাৰ উচিত তদন্ত ৷ প্ৰথম অৱস্থাত এই ঘটনাৰ তদন্ত অসম CIDক অৰ্পণ কৰা হৈছিল যদিও শনিবাৰে ঘটনাৰ তদন্তৰ দায়িত্ব CBIলৈ হস্তান্তৰ কৰাৰ কথা সদৰী কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে (DGP GP Singh) ৷

লগতে পঢ়ক: Fake gold and currency racket: ডিপিজিৰ হুংকাৰত কঁপিছে কলা সাম্ৰাজ্যৰ খলনায়কৰ বুকু; লখিমপুৰত ব্যাপক অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.