নগাঁও, 4 জুন : সমগ্ৰ ৰাজ্য কঁপাই গৈছে হোজাই জিলাৰ লংকাৰ ক’ভিড কেয়াৰ কেন্দ্ৰৰ চিকিৎসক আক্ৰমণৰ ঘটনাই । যোৱা মঙলবাৰে লংকাৰ উদালী ক’ভিড কেয়াৰ কেন্দ্ৰত এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসক, চিকিৎসা কৰ্মীৰ ওপৰত জঁপিয়াই পৰিছিল একাংশ লোক । এই ঘটনাত গুৰুতৰভাৱে আহত হৈছিল চিকিৎসক সেউজ সেনাপতিৰ লগতে কেইবাগৰাকীও চিকিৎসা কৰ্মী। আহত হৈছিল এনএইচএমৰ অধীনৰ নাৰ্চ ললিতা ভড়ালী । দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণত চিকিৎসক সেউজ কুমাৰ সেনাপতিৰ লগতে আহত হৈছিল নাৰ্চ ললিতা ভড়ালী । শৰীৰৰ বিভিন্ন অংশত আঘাত পোৱা ললিতা ভড়ালী আজিও অসুস্থ হৈ আছে ।
আহত চিকিৎসক সেউজ কুমাৰ সেনাপতিৰ চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা তৎপৰতা নিশ্চিতভাৱেই প্ৰশংসনীয় । কিন্তু একেটা ঘটনাতে আহত নাৰ্চ ললিতা ভড়ালীৰ চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰে অৱহেলাৰ কৰা অভিযোগ উত্থাপন হৈছে ৷ চৰকাৰ অথবা প্ৰশাসনৰ ফালৰ পৰা নাৰ্চ গৰাকীৰ চিকিৎসাৰ কোনো ব্যৱস্থা নকৰাত অৱশেষত বৃহস্পতিবাৰে সন্ধিয়া নিজা প্ৰচেষ্টাৰে লংকাৰ নিজা বাসগৃহৰ পৰা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিবলগীয়া হোৱাত ক্ষোভ প্ৰকাশ কৰে এন এইচ এম সন্থাই ।
লগতে পঢ়ক: এইবাৰো নহয় মা কামাখ্যা মন্দিৰৰ বিশ্বপ্ৰসিদ্ধ অম্বুবাচী মেলা