নগাঁও,30 ছেপ্তেম্বৰঃ শেহতীয়াকৈ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তিত সংঘটিত হোৱা কেলেংকাৰীক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে নগাঁৱতো ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ খনৰ বিৰুদ্ধে নগাঁৱতো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ ভাতৃ সংগঠন এন এছ ইউ আইয়ে।
নগাঁও জিলা এন এছ ইউ আইৰ এটা গোটে নগাঁও শ্বহীদ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দাহ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি। আনহাতে পৰৱৰ্তী সময়ত একেটা বিষয়তে একেটা সংগঠনেই পুনৰ প্ৰতিবাদ সাব্যস্ত কৰে। নগাঁও চহৰৰ মাজমজিয়াৰ মূল পথ অৱৰোধ কৰাৰ লগতে ৰাজপথতেই দাহ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি। পথ অৱৰোধ কৰাৰ সময়ত বাধা প্ৰদানৰ চেষ্টা চলাইছিল আৰক্ষীয়ে। নিযুক্তি কেলেংকাৰীত জড়িত ৰৌ,বৰালীক গ্ৰেপ্তাৰ কৰি উচ্চ পৰ্য্যায়ৰ তদন্তৰ দাবী জনায় প্ৰতিবাদকাৰীয়ে।
লগতে পঢ়কঃ ৰাজ্যজুৰি চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ