ETV Bharat / state

Tragic story of a folk Artist: ৰাছিয়াত ঢোলৰ ৰগৰ তোলা মাধৱ শইকীয়া কেনে আছে ? - Rangali Bihu 2023

১৯৮৭ চনত ৰাছিয়ালৈ যোৱা বিহুদলৰ এজন সদস‍্যৰ দুৰাৱস্থা । ৰঙালীৰ ৰং নাই তেওঁৰ মনত, চিন্তা পৰিয়ালটো চলাই নিয়াৰ । বহু বছৰৰ মূৰত ঢোলত চাপৰ দি আবেগিক হৈ পৰিল কলিয়াবৰৰ লোকশিল্পী মাধৱ শইকীয়া । শাক-পাচলিৰ ব‍্যৱসায়ী আৰু জব কাৰ্ডৰ এগৰাকী শ্ৰমিক হিচাবে কঠোৰ জীৱন যুঁজত অৱতীৰ্ণ এসময়ৰ ৰাছিয়ালৈ যোৱা বিহু দলৰ ঢুলীয়া মাধৱ শইকীয়া (Tragic story of a folk Artist) ।

Nostalgic Madhav Saikia Remembering Russia Tour
ৰাছিয়াত ঢোলৰ ৰগৰ তোলা মাধৱ শইকীয়া কেনে আছে
author img

By

Published : Apr 7, 2023, 5:59 PM IST

ৰাছিয়াত ঢোলৰ ৰগৰ তোলা মাধৱ শইকীয়া কেনে আছে

কলিয়াবৰ,৭ এপ্ৰিল: হেঁপাহৰ ব'হাগলৈ মাজত মাত্ৰ কেইটিমান দিন বাকী (Rangali Bihu 2023) । উখল-মাখল হৈ পৰিছে ৰাজ্যৰ উজনি-নামনি । সকলো ব্যস্ত বিহুটিক আদৰাৰ প্ৰস্তুতিত (Preparations for Rongali Bihu) । ঢুলীয়া যদি ব্যস্ত ঢোলৰ বৰতী তনাত, আনফালে নাচনী ব্যস্ত কপৌফুল পাহ গোটোৱাত । পিছে ব'হাগ জানো সকলোৰে বাবে ৰঙীণ ?

এগৰাকী ঢুলীয়াৰ জীৱনে দাঙি ধৰিছে কেনেকৈ নিস্তেজ হ'ব পাৰে হেঁপাহৰ ৰঙালী । ১৯৮৭ চনৰ কথা, ভাৰতক প্ৰতিনিধিত্ব কৰি তেতিয়াৰ ছোভিয়েত ৰাছিয়াত বিহুনৃত্য পৰিৱেশনেৰে কৃতিত্বৰ পৰিচয় দাঙি ধৰিছিল কলিয়াবৰ বিহু দলৰ এজন সদস্যই । পিছে তেওঁ যেন আজি অৱহেলিত । এক বুজাব নোৱাৰা পৰিৱেশেৰে জীৱন যুঁজত অৱতীৰ্ণ হোৱা কলিয়াবৰ পোৰাভেটিৰ মাধৱ শইকীয়া নামৰ লোকশিল্পীজন এতিয়া এম. জি. এনৰেগাৰ জৱকাৰ্ডৰ শ্ৰমিক (Tragic story of a folk Artist) ।

তাৰ সমান্তৰালভাৱে নিজৰ ঘৰৰ ওচৰৰ চাৰিআলিত গধূলি সময়ত শাক-পাচলি বিক্ৰী কৰি মোকলাইছে দুবেলা-দুসাজ, দিছে পৰিয়াল পোহপাল । কলিয়াবৰৰ পোৰাভেটি গাঁৱৰ মইনা পাৰিজাতৰ জৰিয়তে শিশু অৱস্থাতে সাংস্কৃতিক পথাৰখনত খোজ পেলোৱা মাধৱ শইকীয়াই ঢোল বাদনত পাৰদৰ্শী হৈ পৰিছিল । পাছলৈ সেই সময়ৰ কলিয়াবৰৰ জাকত-জিলিকা বিহুদল শংকৰ-মাধৱ পুথিভঁৰালৰ অন‍্যতম সদস‍্য হৈ পৰিছিল ।

কলিয়াবৰৰ বিভিন্ন স্থানত মুকলি বিহু প্ৰতিযোগিতাৰ উজান উঠাৰ সময়তে অতি উন্নত মানদণ্ডৰ বিহু প্ৰতিযোগিতাসমূহত শংকৰ-মাধৱ পুথিভঁৰাল অন‍্যতম শ্ৰেষ্ঠ দল আছিল । স্বাভাৱিকতে মাধৱ শইকীয়া আছিল সেই দলটোৰ নিৰ্ভৰযোগ‍্য ঢুলীয়া । উচ্চতৰ মাধ‍্যমিকত পঢ়ি থকা কালত ঢুলীয়া ৰূপে মাধৱ শইকীয়া আছিল অনন‍্য । অসমৰ বিভিন্ন স্থানত বিহু প্ৰদৰ্শনৰ লগতে নতুন দিল্লীত নেহৰু যুৱ কেন্দ্ৰ দ্বাৰা অনুষ্ঠিত সাংস্কৃতিক কাৰ্য‍্যসূচীত অংশগ্ৰহণ কৰা বিহু দলটোৰ অন‍্যতম সদস‍্য আছিল উচ্চ মাধ‍্যমিকৰ ছাত্ৰ মাধৱ শইকীয়া ।

সেই সূত্ৰে ১৯৮৭ চনৰ ভাৰত-ছোভিয়েট মৈত্ৰী চুক্তি অনুযায়ী সাংস্কৃতিক বিনিময় কাৰ্য‍্যসূচীত ভাৰতৰ তৰফৰ পৰা প্ৰেৰণ কৰা বিহু দলৰ সদস‍্য হোৱাৰ সুবিধা লাভ কৰিছিল শইকীয়াই । মূলত কলিয়াবৰৰ শিল্পীৰে গঠিত সেই বিহু দলটোত শঙ্কৰ-মাধৱ পুথিভঁৰালৰ কেইবাগৰাকী বিহু শিল্পীয়ে স্থান লাভ কৰিছিল ।

শিল্পী প্ৰতিনিধিৰূপে ১০,০০০ টকা, এটা ভি. আই. পি. চু'টকেছ, দুখন বিহু চুৰীয়া, গামোছা, টঙালী, এটা ঢোল, টাইসহ এযোৰ চুট, এজোৰ জোতা অসম চৰকাৰৰ পৰা লাভ কৰিছিল । কলিয়াবৰ বিহুদলৰ সেই সময়ৰ দলপতি তথা ৰাছিয়ালৈ যোৱা বিহুদলৰ সদস‍্য শিল্পী পেঞ্চন প্ৰাপক কলিয়াবৰৰ এগৰাকী জ‍্যেষ্ঠ সাংস্কৃতিক কৰ্মী জগন্নাথ মহন্তয়ো মাধৱ শইকীয়াৰ প্ৰতিভাৰ বিষয়ে সুঁৱৰি হৈ পৰিল নষ্টালজিক (Nostalgic Madhav Saikia Remembering Russia Tour) ।

ৰাছিয়াৰ মস্কো মহানগৰৰ লেনিন ষ্টেডিয়ামত পোন্ধৰ দিনীয়া সাংস্কৃতিক অনুষ্ঠানত বিহু পৰিৱেশন কৰাৰ পিছত ৰে'ল যোগে আনখন নগৰত বিহু প্ৰদৰ্শন কৰাৰ বাবে ভ্ৰমণ কৰিছিল বিহু দলটোৱে । মস্কোৰ ওপৰিও বিহু প্ৰদৰ্শন কৰা আন নগৰসমূহ হ'ল–তুলা, অৰেল, অচকল, ভাৰনেজ, টামভৱ, পেঞ্জা, তলজাতি, চাৰাতুভ, ভল্গাগ্ৰেড্ । পিছে সেই সময়তেই বিশ্বদৰবাৰত বিহুক চিনাকী কৰি দিয়া এইগৰাকী লোকশিল্পীৰ আবেদন-নিবেদনৰ পিচতো ৰজাঘৰীয়াৰ সুদৃষ্টি নপৰিল ।

তাৰ বিপৰীতে এচাম পাবত-গজা এচাম শিল্পীৰ দপ-দপনিত প্ৰকৃত শিল্পীৰ দুৰৱস্থাৰ ছবিখনে বৰকৈ আমনি কৰে বৰ্তমানৰ সচেতন সমাজখনক । আজি অতীত স্মৃতি সোঁৱৰি এসাজ ভাতৰ বাবে কৰা জীৱন যুঁজৰ জীয়া কাহিনীৰ নায়ক মাধৱ শইকীয়াই প্ৰকৃত শিল্পীৰ পৰিচয়ৰ পৰা বঞ্চিত হৈ থকাটোৱে আমাৰ বৰ্তমানৰ শাসন ব‍্যৱস্থাটোৰ অন্ধকাৰ দিশটো উদঙাই তুলিছে । লগতে ৰাজ্য চৰকাৰৰ নেতৃত্বত বিহুক বিশ্বমুখী কৰাৰ চেষ্টা চলোৱাৰ সময়ত তাহানিতেই বহিঃৰাষ্ট্ৰত বিহু প্ৰদৰ্শন কৰা শিল্পী আজি অৱহেলিত হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক ।

লগতে পঢ়ক: Pathetic road condition : সমস্যাৰে ভাৰাক্ৰান্ত আমগুৰিৰ ৰ'দঘাইটিঙৰ ৰাইজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.