নগাঁও, 5 মাৰ্চ : অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক বঞ্চিত কৰি বঢ়মপুৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰাক লৈ ব্যাপক জল্পনা কল্পনা চলি থকাৰ সময়ত শুকুৰবাৰে প্ৰফুল্ল কুমাৰ মহন্তৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ কৰে । অগপ দলৰ হৈ প্ৰফুল্ল কুমাৰ মহন্তৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ কৰে অগপ নেতা ঋতুৰাজ বৰাই।
দীৰ্ঘদিনৰ পৰাই বঢ়মপুৰ সমষ্টিটোত অগপৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী জনাই অহাৰ কথা উল্লেখ কৰি অগপই প্ৰাৰ্থিত্ব নিদিলে অসম গণ পৰিষদ প্ৰগতিশীল দলৰ পৰাই বঢ়মপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি মন্তব্য কৰে অগপ দলৰ নগাঁও জিলাৰ কাৰ্যনিৰ্বাহক ঋতুৰাজ বৰাই।
লগতে পঢ়ক: ছিপাঝাৰত পৰমানন্দ ৰাজবংশীৰ প্ৰাৰ্থীত্ব প্ৰদানৰ বিৰোধিতা