ETV Bharat / state

আগে আগে চিলনী চোৰ, পাচে পাচে যুৱতী , আৰু তাৰ পাচত কি হ'ল ? - চিলনী চোৰ

ৰাজপথত চিলনী চোৰ ৷ পথচাৰীৰ পৰা বাইক আৰোহী লৈকে কোনোৱে সাৰি যাব পৰা নাছিল চিলনী চোৰৰ পৰা ৷ চকুৰ পঁচাৰতে আপোনাৰ পৰা থপিয়াই কাঢ়ি লৈ যাব পাৰে যিকোনো সামগ্ৰী ৷ কিন্তু নগাঁৱৰ দুগৰাকী যুৱতীক টাৰ্গেট কৰি সাৰি নগ'ল চিলনী চোৰ ৷

আগে আগে চিলনী চোৰ, পাচে পাচে যুৱতী
author img

By

Published : Sep 25, 2019, 7:47 PM IST

নগাঁও, 25 ছেপ্টেম্বৰঃ যুৱতীক টাৰ্গেট কৰি বিপদত পৰিল চিলনী চোৰ ৷ আৰক্ষীয়ে কৰিব নোৱাৰা কাম কৰি দেখুৱালে দুগৰাকী যুৱতীয়ে ৷ অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি নগাঁৱৰ ৰাজপথত অব্যাহত আছিল চিলনী চোৰৰ সন্ত্ৰাস ৷ পথচাৰীৰ পৰা বাইক আৰোহী লৈকে কোনোৱে সাৰি যাব পৰা নাছিল চিলনী চোৰৰ পৰা ৷ চকুৰ পঁচাৰতে আপোনাৰ পৰা থপিয়াই কাঢ়ি লৈ যাব পাৰে যিকোনো সামগ্ৰী ৷ কিন্তু মঙলবাৰে নগাঁৱৰ ৰীণা দাস শইকীয়া আৰু গোৰ্মিত কৰ নামৰ যুৱতী দুগৰাকীক টাৰ্গেট কৰোতেই বিপদত পৰিল চিলনী চোৰ ৷ জানিব পৰা মতে, স্কুটিৰে গৈ থকা অৱস্থাত নগাঁৱৰ মধুপুৰত আন এখন স্কুটিৰে অহা দুটা চিলনী চোৰে পিছফালৰ যুৱতী দুগৰাকীৰ পৰা থপিয়াই নিছিল মোবাইল আৰু হেণ্ড বেগ । তাৰ পাচতেই চোৰ দুটাই দ্ৰুত বেগেৰে পলায়নৰ চেষ্টা কৰে ৷ কিন্তু কোনো গুণে কম নাছিল যুৱতী দুগৰাকী । অতি সাহসিকতাৰে যুৱতী দুগৰাকীও দ্ৰুত বেগেৰে পিছা লয় চোৰ দুটাৰ ৷ অৱশেষত উপায়ন্তৰ হৈ চোৰ দুটাই স্কুটি এৰি পলাবলৈ বাধ্য হয় ৷

ইয়াৰ পাচতেই সাহসী যুৱতী দুগৰাকীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে ৷ পৰৰ্বতী সময়ত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ স্কুটিখন জব্দ কৰি অনুসন্ধান চলাই চোৰ দুটাকো আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন চোৰ দুটা নগাঁৱৰে জিয়াওল হক আৰু চাকিল হুছেইন বুলি জানিব পৰা গৈছে ৷

আগে আগে চিলনী চোৰ, পাচে পাচে যুৱতী

ইফালে নগাঁৱত অপৰাধ নিৰ্মূলৰ বাবে আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিয়ে ন ন পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে নগাওঁ নগৰ আৰক্ষীৰ নীৰৱতাৰ সুযোগ লৈ চহৰখনত অব্যাহত থকা চিলনী চোৰৰ সন্ত্ৰাসে চিন্তিত কৰি তুলিছে নগাঁৱৰ ৰাইজক ৷ এইবাৰ চিলনী চোৰৰ সন্ত্ৰাস ৰোধত ব্যৰ্থ আৰক্ষীয়ে সহায় বিচাৰিলে সাধাৰণ ৰাইজ আৰু সংবাদ মাধ্যমৰ ৷ আনহাতে আৰক্ষীয়ে কৰিব নোৱাৰা কাম সাহসীকতাৰে কৰি দেখুওৱা দুই যুৱতীক সম্বৰ্ধনা জ্ঞাপন কৰে আৰক্ষীয়ে ।

Intro:নগাওঁ আৰক্ষীৰ ব্যৰ্থতা উদঙালে দুই যুৱতীয়ে। নগৰ আৰক্ষীক প্ৰত্যাহ্বান জনাই অব্যাহত চিলনী চোৰৰ সন্ত্ৰাস। এইবাৰ দুই যুৱতীৰ পৰা ৰক্ষা নাপালে চিলনী চোৰে। চিলনী চোৰক খেদি সাহস দেখুৱালে দুই যুৱতীয়ে। আৰক্ষীয়ে কৰিব নোৱাৰা কাম কৰি দেখুৱালে যুৱতী দুগৰাকীয়ে। অসহায় আৰক্ষীয়ে বিচাৰিলে ৰাইজ, সংবাদ মাধ্যমৰ সহায়।

Body:দুই যুৱতীয়ে দেখুৱালে সাহস।
দুই যুৱতীয়ে উদঙালে আৰক্ষীৰ ব্যৰ্থতা।
দুই যুৱতীৰ পৰা ৰক্ষা নাপালে চিলনী চোৰে।
দুই যুৱতীক সম্বৰ্ধনা জনালে আৰক্ষীয়ে।
অসহায় আৰক্ষীয়ে বিচাৰিলে ৰাইজ, সংবাদ মাধ্যমৰ সহায়।

হয় আমি ক'ব খুজিছোঁ এই দুগৰাকী যুৱতীৰ কথা। নাম ৰিণা দাস শইকীয়া আৰু গোর্মিত কৰ। এই দুই যুৱতীক টাৰ্গেট কৰি এইবাৰ বিপদত পৰিল চিলনী চোৰ। মঙলবাৰে সন্ধিয়া যুৱতী দুগৰাকীয়ে এখন স্কুটিত গৈ থকা অৱস্থাত মধুপুৰত চিলনী চোৰে পিছফালৰ যুৱতীগৰাকীৰ পৰা থপিয়াই নিছিল মোবাইল আৰু হেণ্ড বেগ। আন এখন স্কুটিত থকা চোৰ দুটাই মোবাইল থপিয়াই দ্ৰুত বেগেৰে পলায়নৰ চেষ্টা কৰে। কিন্তু কোনো গুণে কম নহয় যুৱতী দুগৰাকীও। সাহসিকতাৰে যুৱতী দুগৰাকীয়েও দ্ৰুত বেগেৰে খেদিলে চোৰ দুটাক। অৱশেষত উপায়ন্তৰ হৈ স্কুটি এৰি পলাবলৈ বাধ্য হয় চোৰ দুটাই।
bite, যুৱতী
vo- স্কুটি এৰি চোৰ দুটাই পলায়ন কৰাৰ পিছত যুৱতী দুগৰাকীয়ে খবৰ দিয়ে আৰক্ষীক। আৰক্ষীয়ে স্কুটিখন জব্দ কৰি অনুসন্ধান চলাই চোৰ দুটাকো আটক কৰিবলৈ সক্ষম। নগাঁৱৰে জিয়াওল হক আৰু চাকিল হুছেইন নামৰ চিলনী চোৰ দুটাৰ পৰা থপিয়াই নিয়া মোবাইল, ধন জব্দ কৰে আৰক্ষীয়ে।
bite, dsp

Conclusion:উল্লেখযোগ্য যে নগাঁৱত অপৰাধ নিৰ্মূলৰ বাবে আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিয়ে ন ন পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে নগাওঁ নগৰ আৰক্ষীৰ নীৰৱতাৰ সুযোগ লৈ চহৰখনত সন্ত্ৰাস অব্যাহত ৰাখিছে চিলনী চোৰে। চিলনী চোৰ ৰোধ কৰাত ব্যৰ্থ আৰক্ষীয়ে এইবাৰ সহায় বিচাৰিলে ৰাইজ আৰু সংবাদ মাধ্যমৰ। কেৱল বা বা লোৱাত ব্যস্ত নগাওঁ নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱজ্যোতি মহন্তৰ ব্যৰ্থতা এইবাৰ উদঙালে দুই সাহসী যুৱতীয়ে। আৰক্ষীয়ে কৰিব নোৱাৰা কাম সাহসিকিতাৰে কৰি দেখুওৱা দুই যুৱতীক সম্বৰ্ধনা জ্ঞাপন কৰে আৰক্ষীয়ে।
----------------------------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ ই টি ভি ভাৰত অসম
২৫-৯-১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.