ETV Bharat / state

মাধৱপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে ৱাৰ্ড সদস্যৰ অনাস্থাৰ প্ৰস্তাৱ

পঞ্চায়তৰ সভানেত্ৰী ৰেহেনা খাতুনৰ বিৰুদ্ধে অনাস্থাৰ প্ৰস্তাৱ আনিছে 8 জনকৈ ৱাৰ্ড সদস্যই ৷ এই সন্দৰ্ভত ইতিমধ্য় নগাঁও জিলাৰ উপায়ুক্ত আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়ালৈ প্ৰতিলিপি প্ৰেৰণ কৰিছে সদস্য সকলে ৷

author img

By

Published : Jan 4, 2021, 7:19 PM IST

Updated : Jan 4, 2021, 7:45 PM IST

No confidence motion against madhabpara gaon panchayat president by Ward member
মাধৱপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে ৱাৰ্ড সদস্যৰ অনাস্থাৰ প্ৰস্তাৱ

বঢ়মপুৰ,4 জানুৱাৰী: কংগ্ৰেছৰ ভিতৰচৰাত পুনৰ আৰম্ভ হৈছে দলীয় বিসম্বাদ ৷ দলটোৰ শীৰ্ষ মহলত হোৱা সংঘৰ্ষ এইবাৰ যেন তৃণমূল পৰ্যায়তো বিয়পিছে ৷ এইবাৰ কংগ্ৰেছ দলৰ পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে কংগ্ৰেছ দলৰে ৱাৰ্ড সদস্যই আনিছে অনাস্থাৰ প্ৰস্তাৱ ৷ কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত মাধৱপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰেহেনা খাতুনৰ বিৰুদ্ধে অনাস্থাৰ প্ৰস্তাৱ আনিছে 8 জনকৈ ৱাৰ্ড সদস্যই ৷

ৱাৰ্ড সদস্য সকলক কোনো গুৰুত্ব প্ৰদান নকৰাকৈ সভানেত্ৰী গৰাকীৰ স্বামী ফৰমান আলীয়ে নিজ খেয়াল খুচি মতে পঞ্চায়তৰ কাম কাজ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৱাৰ্ড সদস্য সকলে ৷ আনকি পঞ্চায়তৰ চতুৰ্থ বিত্তীয় আয়োগৰ ধন এটা ৱাৰ্ডত দহটা আঁচনি লৈ সিংহভাগ ধন আত্মসাৎ কৰাৰ গুৰুত্বৰ অভিযোগ সভানেত্ৰী গৰাকীৰ স্বামী ফৰমান আলীৰ বিৰুদ্ধে ৷

সোমবাৰে এই 8 গৰাকী ৱাৰ্ড সদস্যই কঠিয়াতলী আঞ্চলিক পঞ্চায়তৰ সভাপতি আৰু খণ্ড উন্নয়ন বিষয়াক অনাস্থা প্ৰস্তাৱ প্ৰদান কৰাৰ লগতে নগাঁও জিলাৰ উপায়ুক্ত আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়ালৈ প্ৰতিলিপি প্ৰেৰণ কৰে ৷ উল্লেখ্য যে,শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ খণ্ড উন্নয়ন বিষয়াক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৱাৰ্ড সদস্য সকলে ৷

লগতে পঢ়কঃ খৰালি কালতো বিদ্যালয় চৌহদত একাঠু পানী!

Last Updated : Jan 4, 2021, 7:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.