ETV Bharat / state

নগাঁৱত বন্ধ হ'ব খাদ্য সুৰক্ষাৰ চাউল বিতৰণ !

ফেব্ৰুৱাৰী মাহৰ পৰা নগাঁৱত বন্ধ হ‘ব পাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ চাউল বিতৰণ ! নগাঁও জিলা সমবায় সমিতি সন্থাৰ কঠোৰ সিদ্ধান্ত । চৰকাৰে আদায় দিয়া নাই সমবায়ৰ কমিছনৰ ৩৭ কোটি টকা ।

author img

By

Published : Jan 28, 2021, 8:47 PM IST

nfsa-problem
নগাঁৱত বন্ধ হ'ব খাদ্য সুৰক্ষাৰ চাউল বিতৰণ !

নগাঁও, 28 জানুৱাৰী : আগন্তুক ফেব্ৰুৱাৰী মাহৰ পৰা নগাঁৱত বন্ধ হ'ব পাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ চাউল বিতৰণ । নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত চৰকাৰে ন-ন আঁচনি ঘোষণাৰে চমক সৃষ্টিৰ চেষ্টা কৰাৰ সময়তে পোহৰলৈ আহিছে চৰকাৰৰ বিত্তীয় সংকটৰ ভয়াৱহ তথ্য । ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৪ জৰিয়তে সুলভ চাউল বিতৰণ ব্যৱস্থা কৰা হৈছিল যদিও নগাঁও জিলাত কেন্দ্ৰীয় চৰকাৰৰ এই বৃহৎ আঁচনি বন্ধ হোৱাৰ উপক্ৰম ঘটিছে । কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ অংশৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ চাউল বিতৰণৰ বাবদ সমবায় সমিতিসমূহক কমিছনৰ লগতে চাউল কঢ়িওৱাৰ বাবদ ও ধন নিয়মীয়াকৈ আদায় দিব লাগে যদিও নগাঁৱত বিগত আঠ মাহে লাভ কৰা নাই কমিছনৰ প্ৰাপ্য ধন ।

কেৱল এয়াই নহয় কমিছনৰ লগতে পৰিবহণ ব্যয়ৰ ধনো আদায় দিয়া নাই চৰকাৰে । নগাওঁ জিলাৰ সমবায় সমিতি সমূহৰ কমিছনৰ বাবদ চৰকাৰে আদায় দিয়া নাই প্ৰায় ৩৭ কোটি টকা।
বৃহস্পতিবাৰে নগাঁৱস্থিত অসম সমবায় ফেডাৰেচনৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সভাত গঠন কৰা হয় নগাঁও জিলা সমবায় সমিতিসমূহৰ সমন্বয়ৰক্ষী সমিতি । সমিতি গঠন কৰিয়েই সমন্বয়ৰক্ষী সমিতিয়ে গ্ৰহণ কৰিছে কঠোৰ সিদ্ধান্ত । খাদ্য সুৰক্ষা যোজনাৰ কমিছনৰ পাবলগীয়া বৃহৎ ধন আদায় নিদিলে অহা মাহৰ পৰা চাউল বিতৰণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নগাঁও জিলা সমবায় সমিতি সমন্বয়ৰক্ষী সমিতিয়ে ।

উল্লেখ্য যে, চৰকাৰে সমবায় সমিতিসমূহৰ প্ৰাপ্য ধন আদায় নিদিলে নগাঁৱৰ প্ৰায় তিনি লাখৰো অধিক পৰিয়াল বঞ্চিত হব খাদ্য সুৰক্ষা আঁচনিৰ চাউলৰ পৰা।।

লগতে পঢ়ক: তৃতীয় পৰ্যায়ত তিনিখন যুদ্ধ বিমান ৰাফেলৰ ভাৰতত অৱতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.