ETV Bharat / state

মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টিত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ - মন্ত্ৰী কেশৱ মহন্ত

দুৰ্নীতি আৰু বিভিন্ন অনিয়মৰে পথ নিৰ্মাণ কৰাৰ ফলত কলিয়াবৰৰ বৰঘূলীত ঠায়ে-ঠায়ে খহিছে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ ৷ নিৰ্বিকাৰ লোক নিৰ্মাণ বিভাগৰ বিষয়া-অভিযন্তা ৷ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা দুমাহ নৌহওঁতেই কলিয়াবৰত খহিছে প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনা (PMGSY) আঁচনিৰ পথ ৷ স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ সমষ্টিত দুৰ্নীতি সংঘটিত হোৱাত ক্ষোভিত হৈ পৰিছে গাঁওবাসী ৷

Damaged Newly Constructed PMGSY Road
মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টিত দুৰ্নীতি
author img

By

Published : Jul 27, 2021, 2:12 PM IST

কলিয়াবৰ, 27 জুলাই : দুৰ্নীতি আৰু অনিয়ম ৰোধৰ কথা কোৱা চৰকাৰৰ দিনতে প্ৰতিদিনাই পোহৰ আহিব ধৰিছে দুৰ্নীতিৰ নানান তথ্য ৷ এইবাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টিৰ বৰঘুলীত, প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনা (PMGSY) আঁচনিৰ বিৰুদ্ধে ৷ দুৰ্নীতি আৰু বিভিন্ন অনিয়মৰ মাজেৰে কলিয়াবৰৰ বৰঘূলীত নিৰ্মাণ কৰা হৈছে প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনা (PMGSY) আঁচনিৰ অধীনত পথ ৷ এই আঁচনিত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, সুদীৰ্ঘ 15 বছৰৰ পাচত কলিয়াবৰৰ বৰঘূলীত অসম চৰকাৰে নিৰ্মাণ কৰিছে পথ ৷ স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই আধাৰশিলা স্থাপন কৰিছিল এই পথচোৱাৰ বাবে ৷ প্ৰায় এক-ডেৰ মাহ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হৈছিল এই কলিয়াবৰৰ বৰঘূলী পথচোৱা ৷ কিন্তু নৱ নিৰ্মিত ৰাস্তাই এতিয়া জলা-কলা খোৱাই গাঁওবাসীক ৷

নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ প্ৰায় এক-ডেৰ মাহ পাচতে জহি-খহি যোৱাৰ উপক্ৰম হৈছে পথচোৱা ৷

স্থানীৰ ৰাইজৰ অভিযোগ, ৰাস্তাটো নিৰ্মাণ কৰাত দুৰ্নীতি আৰু অনিয়মৰ আশ্ৰয় লৈছে বিভাগীয় ঠিকাদাৰে ৷ ফজৰ আলি নামৰ ঠিকাদাৰগৰাকীয়ে নিজৰ ময়মতালিৰে নিৰ্মাণ কৰিছে পথচোৱা ৷ গাঁওবাসীৰ কোনো কথাই শুনিবলৈ প্ৰস্তুত নহয় ঠিকাদাৰগৰাকী ৷

মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টিত দুৰ্নীতি

জানিব পৰা মতে, 3 কোটি 15 লাখ 800 টকা আৱণ্টন হৈছিল কলিয়াবৰৰ বৰঘূলীৰ 3.5 কিলোমিটাৰ পথচোৱা নিৰ্মাণৰ নামত ৷ কিন্তু পথটোৰ নিৰ্মাণ কাৰ্যৰ বাবে ধাৰ্য কৰা হৈছে 2 কোটি 91 লাখ 97 হাজাৰ 800 টকা ৷ তদুপৰি, পাঁচবছৰৰ বাবে পথটো মেৰামতিৰ বাবে ধাৰ্য কৰা হৈছে 23 লাখ 3 হাজাৰ টকা ।

লগতে পঢ়ক: এটা গড়কাপ্তানি পথক লৈ উঠিছে প্ৰশ্ন; পথ নে পথাৰ ?

কিন্তু বাৰিষাৰ আৰম্ভণিতেই বহু ঠাইত ইতিমধ্য পথটো খহিবলৈ আৰম্ভ কৰিছে । 23 লক্ষাধিক টকা মেৰামতি বাবে ধাৰ্য কৰাৰ পিছতো পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত ঠিকাদাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । আনকি বিভাগীয় কৰ্তৃপক্ষয়ো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰিছে গাঁওবাসীয়ে ৷

নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাচতে নৱ নিৰ্মিত 3.5 কিলোমিটাৰ পথচোৱাৰ দুয়োকাষে সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ । যিকোনো মূহুৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে এই পথচোৱাত । পথটোৰ দুৰৱস্থা দেখি মেৰামতিৰ বাবে ঠিকাদাৰক বাৰম্বাৰ যোগাযোগ কৰিও স্থানীয় লোকে নাপালে সঁহাৰি ।

স্থানীয় ৰাইজৰ অভিযোগ, ভয়-ভাবুকিহে দি ঠিকাদাৰ ফজৰ আলিয়ে খেদি পছিয়াই গাঁওবাসীক । সম্প্ৰতি, ঠিকাদাৰৰ ময়মতালিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী কেশৱ মহন্তক দাবী জনাইছে বৰঘূলীবাসীয়ে ।

লগতে পঢ়ক: MGNREGA ৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.