চামগুৰি, ২১ মে': ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি, শুকুৰবাৰৰ পৰা অসমত আন্তঃজিলা যাতায়ত ১৫ দিনৰ বাবে বন্ধ হৈ পৰিল । পুৱা ৫ বজাৰ পৰাই বন্ধ হ'ল ইখন জিলাৰ পৰা সিখন জিলালৈ যাতায়ত । আগন্তুক ১৫ দিনলৈ ইখন জিলাৰ পৰা সিখন জিলালৈ চলাচল কৰিব নোৱাৰিব কোনো ৰাজহুৱা আৰু ব্যক্তিগত বাহন ।
কিন্তু এই লৈ এতিয়া বিপদত পৰিছে কৃষকসকল । চামগুৰিৰ এৰাকলং মাজুলীৰ কৃষকসকলৰ মাজতো বিৰাজ কৰিজে ঘোৰ অনিশ্চয়তা ।
কৃষি প্ৰধান অঞ্চলটোত উৎপাদিত কেঁচা সামগ্ৰী তথা ফচল সততে ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ বিক্ৰী কৰি আহিছে । কিন্তু শুকুৰবাৰৰ পৰা আন্তঃজিলা যাতায়ত বন্ধ হোৱাৰ পিছত কেনেদৰে উৎপাদিত সামগ্ৰীসমূহ বিভিন্ন প্ৰান্তলৈ যোগান ধৰিব তাক লৈ এতিয়া হতাশাত ভুগিছে কৃষক ৰাইজ ।
শীঘ্ৰে এক ব্যৱস্থা গ্ৰহণ কৰি কেঁচা ফচলসমূহ বিক্ৰী কৰাত সুবিধা কৰি দিবৰ বাবে চৰকাৰক আহ্বান জনাইছে এৰাকলং মাজুলীৰ যুৱ কৃষকসকলে ।