ETV Bharat / state

কলিয়াবৰৰ গ্ৰাম্যাঞ্চলত নতুন ক’ভিড নীতি অনুসৰণ

author img

By

Published : May 27, 2021, 10:25 AM IST

কভিড সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে ৰাজ‍্যত বুধবাৰৰ পৰা বলবৎ হৈছে নতুন কভিড নীতি ৷ ৰাজ্য়ৰ আন প্ৰান্তৰ লগতে বুধবাৰে কলিয়াবৰৰ গাঁও অঞ্চলৰ দোকান-পোহাৰো বন্ধ হ'ল দিনৰ ১ বজাত আনহাতে, সান্ধ‍্য আইন মানিবলৈ ৰাইজক সজাগ কৰা দেখা গ’ল কলিয়াবৰ মহকুমা প্ৰশাসনক ৷

কলিয়াবৰৰ গাঁও অঞ্চলৰ ৰাইজ তথা ব্যৱসায়ীয়ে পালন কৰিলে নতুন ক’ভিড নীতি
New Covid SOP obeyed in kaliabor

কলিয়াবৰ, 27 মে’ : ৰাজ্য চৰকাৰৰ নতুন ক’ভিড নীতি অনুসৰি বুধবাৰে কলিয়াবৰৰ গ্ৰাম্যাঞ্চল সমূহতো দিনৰ ১ বজাৰ লগে লগে বন্ধ কৰা হ’ল দোকান-পোহাৰ । পৰৱৰ্তী সময়ত ২ বজাৰ পৰা সম্পূৰ্ণ সান্ধ্য আইন পালন কৰা দেখা গ'ল কলিয়াবৰৰ ব্যৱসায়ী সকল তথা ৰাইজক । বুধবাৰৰ দিনটোত কলিয়াবৰ মহকুমা প্ৰশাসনে নতুন ক’ভিড নীতি পালনৰ বাবে মহকুমাটোৰ গ্ৰাম‍্যাঞ্চল সমূহত ঘোষণাৰ ব‍্যৱস্থা কৰাও পৰিলক্ষিত হয় । ইফালে, কলিয়াবৰৰ অন‍্যতম ব‍্যস্ত অঞ্চল কুঁৱৰীটোলৰ দোকান-পোহাৰ দুপৰীয়া ১ বজাৰ লগে-লগে বন্ধ কৰা দেখা গ’ল । তদুপৰি ২ বজাৰ পূৰ্বেই এই ব‍্যস্ত অঞ্চলটো জনশূন‍্য হৈ পৰে ।

উল্লেখযোগ‍্য যে, কলিয়াবৰ মহাবিদ‍্যালয়, কলিয়াবৰ শিক্ষা মহাবিদ‍্যালয়, কলিয়াবৰ কণিষ্ঠ মহাবিদ‍্যালয়, দুখনকৈ উচ্চ মাধ‍্যমিক বিদ‍্যালয়ৰ লগতে অসম গ্ৰামীণ বিকাশ বেংক, কলিয়াবৰ আৰক্ষী নিৱেশ, কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য‍ালয়, অসম শক্তি বিতৰণ নিগমৰ কলিয়াবৰ সংমণ্ডৰ কাৰ্য‍ালয়, মহকুমা শ্ৰম পৰিদৰ্শকৰ কাৰ্য‍ালয় থকা সদাব‍্যস্ত কুঁৱৰীটোলত ভালেমান দোকান-পোহাৰৰ লগতে মঙলবাৰে সাপ্তাহিক বজাৰো বহে।

বিগত সময়ছোৱাত ক’ভিড নীতিৰ বাবে জনসমাগম নিয়ন্ত্ৰিত হৈ আছিল যদিও বুধবাৰৰ পৰা বলৱৎ হোৱা নতুন কভিড নীতিৰ বাবে ১ বজাৰ লগে-লগে জনশূন‍্য হৈ পৰে সমগ্ৰ কুঁৱৰীটোল অঞ্চল । ইয়াৰ লগতে, ৰাজ্য চৰকাৰৰ এই নতুন নিৰ্দেশনা পালন কৰিবলৈ স্থানীয় ক্ষুদ্ৰ ব‍্যৱসায়ীসকলে স্থানীয় ৰাইজক অনুৰোধ জনাইছে ।

লগতে পঢ়ক:ক’ভিড-19ত আক্ৰান্ত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.