ETV Bharat / state

নৱ নিৰ্মিত বান্দৰডুবি খণ্ড বন বিষয়াৰ কাৰ্য‍ালয় মুকলি

যোৱা বছৰ কাজিৰঙাৰ পৰ্যটকৰ বাবে পৰীক্ষামূলকভাৱে মুকলি কৰা হৈছিল বান্দৰডুবি এলেকা । এইবাৰ অঞ্চলটোত মুকলি কৰা হয় নৱ-নিৰ্মিত বান্দৰডুবি খণ্ড বন বিষয়াৰ কাৰ্যালয় । বুধবাৰে কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ।

author img

By

Published : Sep 8, 2021, 7:28 PM IST

Beat office
নৱ নিৰ্মিত বান্দৰডুবি খণ্ড বন বিষয়াৰ কাৰ্য‍ালয় মুকলি

কলিয়াবৰ,৮ ছেপ্টেম্বৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান আৰু ব‍্যাঘ্ৰ প্ৰকল্পৰ সপ্তম সংযোজনৰ অন্তৰ্গত বান্দৰডুবি এলেকাত নৱ-নিৰ্মিত বান্দৰডুবি খণ্ড বন বিষয়াৰ কাৰ্য‍ালয় মুকলি কৰা হয় । খণ্ড বন বিষয়াৰ কাৰ্য‍ালয়ৰ আনুষ্ঠানিকভাৱে দ্বাৰ মুকলি কৰে অসমৰ মুখ্য বন সংৰক্ষক মহেন্দ্ৰ কুমাৰ যাদৱে । চাৰি বছৰৰ পূর্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক নির্দেশ যোগে কলিয়াবৰ ৰাজহ চক্ৰৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ সীমাত থকা বান্দৰডুবিৰ ২৯৭ হেক্টৰ আৰু দেওচূড়ৰ ১৬ হেক্টৰ ভূমিত উচ্ছেদ অভিযান চলাবলৈ নিৰ্দেশ দিছিল ।

এই উচ্ছেদিত ভূমি পৰৱৰ্তী সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান আৰু ব‍্যাঘ্ৰ প্ৰকল্পৰ সপ্তম সংযোজনৰ বাবে কলিয়াবৰ ৰাজ‍হ চক্ৰই ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষক অৰ্পণ কৰে‌ । যোৱা বছৰ এই এলেকাটো পৰীক্ষামূলকভাৱে পৰ্য‍টকৰ বাবে মুকলি কৰি দিয়া হৈছিল । এক দীঘলীয়া পৰিক্ৰমাৰ অন্তত ৰাষ্ট্ৰীয় উদ‍্যানৰ এই সংযোজনে পৰ্য‍টকসকলৰ লগতে সংস্থাপনৰ বাট মুকলি কৰিব বুলি আশা প্ৰকাশ কৰে মহেন্দ্ৰ কুমাৰ যাধৱ আৰু কাজিৰঙাৰ সঞ্চালক পি. শিৱকুমাৰে ।

কাৰ্য‍ালয় উদ্বোধনী অনুষ্ঠানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে শ্ৰদ্ধা নিৱেদন কৰাৰ লগতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিকৃতিত মাল‍্যাৰ্পণ কৰে বিশিষ্ট ব্যক্তিসকলে । অনুষ্ঠানত উপস্থিত থাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ সঞ্চালক পি. শিৱকুমাৰ, বন বিষয়া ৰমেশ কুমাৰ গগৈসহ কেইবাগৰাকীও শীৰ্ষ বিষয়া ।

লগতে পঢ়ক :শিক্ষকৰ ৰূপত বজালী জিলাৰ উপায়ুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.