ETV Bharat / state

The Nellie Story: ইলোৰা- অজন্তা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নেলীৰ কথা

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 10:06 AM IST

নৱম ইলোৰা - অজন্তা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ পাৰ্থজিৎ বৰুৱাৰ ছবি "নেলীৰ কথা" ‘প্ৰতিযোগিতা শাখা’লৈ নিৰ্বাচিত হৈছে ৷

New Assamese film The Nellie Story selected for 9th Ajanta-Ellora International Film Festival
পাৰ্থজিৎ বৰুৱাৰ ছবি "নেলীৰ কথা" ‘প্ৰতিযোগিতা শাখা’লৈ নিৰ্বাচিত

নগাঁও, 6 নৱেম্বৰ: বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পাৰ্থজিৎ বৰুৱাৰ নেলীৰ কথালৈ আৰু এটা সফলতা । দৰাচলতে নৱম ইলোৰা - অজন্তা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পাৰ্থজিৎ বৰুৱাৰ পূৰ্ণদৈৰ্ঘৰ অসমীয়া মননশীল ছবি ‘নেলীৰ কথা’ ‘প্ৰতিযোগিতা শাখালৈ’ নিৰ্বাচন হৈছে । এই চলচ্চিত্ৰ মহোৎসৱ অহা জানুৱাৰী মাহৰ ৩ তাৰিখৰ পৰা ৭ জানুৱাৰীলৈ ঔৰঙ্গাবাদত অনুষ্ঠিত হ’ব ।

পৰিচালক পাৰ্থজিৎ বৰুৱাই এই সফলতা অলপতে মৃত্যুক সাৱটি লোৱা নেলীৰ কথা" ৰ সংগীত পৰিচালক ডেনিয়েল ইংতি আৰু এই চিনেমাখনতেই অভিনয় কৰা মুকুট চন্দ্ৰ ভূঞাৰ নামত উৎসৰ্গা কৰিছে । অহা ডিচেম্বৰ ৮ তাৰিখে সমগ্ৰ অসমতে মুক্তি পাবলগীয়া এই চিনেমাখনে ইতিমধ্যে গ্ৰীচৰ ৬৪ তম থেছালনিকী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ মাৰ্কেটিং বিভাগ লৈ আমন্ত্ৰণ লাভ কৰিছে ।

উল্লেখ্য যে, নেলীৰ গণহত্যাক মূল বিষয় হিচাপে লৈ সংবেদনশীলতাৰে "নেলীৰ কথা" চিনেমাখন নিৰ্মাণ কৰিছে । ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত নগাঁৱৰ (বৰ্তমানে মৰিগাঁও জিলা) নেলীত সংঘটিত হোৱা এই কৰুণ ঘটনাক আজিও অসমীয়া সমাজে পাহৰিব পৰা নাই । নেলীৰ আকাশত যেন এতিয়াও বিয়পি আছে সেই আৰ্তনাদ । গুৱাহাটী বিশ্ববিদ্যালয়ৰ পিএইচডিৰ ছাত্ৰ ৰাজীৱ পাটৰে ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত মুছলমানসকলৰ গণহত্যাৰ ঘটনাসমূহ চাবলৈ নেলীৰ মুছলমান অধ্যুষিত, দূৰৱৰ্তী গাঁওসমূহ পৰিদৰ্শন কৰে, যাক নেলী গণহত্যা বুলিও জনা যায়, যি হৈছে অসমৰ সামাজিক-ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ আন্ধাৰ অধ্যায় ।

ৰাজীৱ পাটৰে উদ্দেশ্য আছিল কি ঘটিছিল তাৰ সত্যতা আৱিষ্কাৰ কৰা । যেতিয়া তেওঁ গণহত্যাৰ চল্লিশ বছৰ পিচত নেলী নামৰ ঠাইখন পৰিদৰ্শন কৰে, তেতিয়া তেওঁ আৱিষ্কাৰ কৰে যে গণহত্যাত মৃত্যু হোৱা লোকসকল সাধাৰণ লোক আছিল । সেই গাঁওবোৰত, শিশুসকলৰ চকুত দেখা পাইছিল সৰলতা । অৱশ্যে, তেওঁ নেলীৰ বিষয়ে বহুতো সত্য উন্মোচন কৰিব নোৱাৰিলে । কিন্তু"নেলীৰ কথা" অসমীয়া চিনেমাখনে সমাজখনলৈ একতা আৰু সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনিব বুলি আশাবাদী পৰিচালক পাৰ্থজিৎ বৰুৱা ।

চিনেমাখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অৰ্ঘদ্বীপ বৰুৱাই । " নেলীৰ কথা" চিনেমাখনৰ পৰিচালনা, কাহিনী, চিত্ৰনাট্য, আৰু সংলাপ পাৰ্থজিৎ বৰুৱাৰ । চানলিষ্ট ষ্টুডিঅ'ৰ বেনাৰত প্ৰযোজনা কৰা এই ছবিখনৰ সহকাৰী সংলাপ দিছে প্ৰাঞ্জল কুমাৰ মহন্তই । নীল বৰ্মন চিনেমাখনৰ মুখ্য সহকাৰী পৰিচালক । সুমন দুৱৰাই চিনেমাখনৰ ফটোগ্ৰাফী কৰিছে । সম্পাদনা হীৰক জ্যোতি পাঠকৰ, চাউণ্ড ডিজাইন আৰু মিক্সিং দেৱজিৎ গায়নৰ, কালাৰ গ্ৰেডিং ৰাজেশ যাদৱৰ লগতে সংগীত ডেনিয়েল ইংতিৰ ।

"নেলীৰ কথা" শীৰ্ষক এই চিনেমাখনত অভিনয় কৰিছে ক্ৰমে অৰ্ঘদ্বীপ বৰুৱা, স্বাগতা ভৰালী, ৰয়ন্তী ৰাভা, ধনঞ্জয় দেৱনাথ, মহেন্দ্ৰ দাস, সুদৰ্শন নাথ, সপোনটি বৰদলৈ, ড৹ আশা কুঠাৰী চৌধুৰী, মুকুট চন্দ্ৰ ভূঞা, সুনয়না দত্ত, সমৰ জ্যোতি চৰকাৰ, মিণ্টু বৰুৱা, বৈষ্ণবী বৰা, সঞ্জীৱনী বৰা, চুচমিতা শইকীয়া, ত্ৰিদিশা আৰ, পৰাশৰ, পুনীৰাম শইকীয়া, লক্ষ্য জ্যোতি শইকীয়া আৰু ৰূপম শইকীয়া ৷

লগতে পঢ়ক: The Nellie Story: শীঘ্ৰেই মুকলি হ’ব নেলীৰ গণহত্যাৰ আধাৰত নিৰ্মিত ছবি 'নেলীৰ কথা'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.