ETV Bharat / state

Weaver birds in Kaliabar: টোকোৰা চৰাইৰ কলৰৱত মুখৰিত কলিয়াবৰ

কলিয়াবৰত অসমৰ আকাশৰ পৰা হেৰাবলৈ ধৰা এক দৃশ্য । ৰৈ ৰৈ বাটৰুৱাই মূৰ তুলি চাইছে তামোল নাৰিকললৈ । কেমেৰাত আৱদ্ধ কৰিছে এক বিশেষ দৃশ্যটি । পিছে কি সেই বিশেষ দৃশ্য ? জানিবলৈ পঢ়ক এই বিশেষ প্ৰতিবেদন ।

author img

By

Published : Jun 29, 2023, 8:44 PM IST

Nest of Weaver birds in Kaliabor
টোকোৰা চৰাইৰ কলৰৱত মুখৰিত কলিয়াবৰ
টোকোৰা চৰাইৰ কলৰৱত মুখৰিত কলিয়াবৰ

কলিয়াবৰ,২৯ জুন: কাকিনী তামোলজুপিত এটি চিনাকী দৃশ্য । নীলা আকাশখনলৈ চালেই মন জুৰ পৰি যায় । তাতে আছে এখন সুখৰ সংসাৰ । সেয়া, অভিযন্তা পক্ষীৰ হেঁপাহৰ ঘৰ । নাৰিকল, তামোল গছত ওলমি থকা টোকোৰা চৰাইৰ বাহ । অতি নিয়াৰিকৈ ঘৰ সাজি জাক পাতি বাহ সজা টোকোৰা চৰাইবোৰ দেখিলেই মন প্ৰাণ ভৰি যায় । এই দৃশ্যই নিগৰাই কবিৰ কাপেৰে কবিতাৰ নিজৰা । কাৰোবাৰ বাবে চৰাইটোৰ নাম টোকোৰা, আন কাৰোবাৰ বাবে তাঁতী চৰাই, কোনোৱে নাম দিয়ে ইঞ্জিনীয়াৰ চৰাই ।

ph3
গছত ওলমি থকা টোকোৰা চৰাইৰ বাহ

পিছে কাৰিকৰ চৰাই টোকোৰা এতিয়া বিলুপ্তপ্ৰায় । বৰ্তমান পাহৰণিৰ গৰ্ভত এই টোকোৰা চৰাই। প্ৰাকৃতিক পৰিৱেশ সলনি হোৱাৰ লগে-লগে ক্ৰমাৎ হেৰাই গৈছে এই টোকোৰা চৰাই । নগৰীয়া তথা গ্ৰাম্যাঞ্চলৰ পৰিবেশৰ বিনষ্ট হোৱাৰ মাজতো, এখন ভাললগা ছবি জিলিকি উঠিছে কলিয়াবৰত । কলিয়াবৰৰ বিভিন্ন স্থানত এতিয়া হেৰাই যাব ধৰা টোকোৰা চৰাইৰ ওলমি থকা বাহবোৰে পথাচাৰীৰো মন জুৰাইছে ।

ph2
গছত ওলমি থকা টোকোৰা চৰাইৰ বাহ

চৰাইৰ কিচিৰ মিচিৰ শব্দত মুখৰিত চৌদিশ । ভ্ৰূক্ষেপ নাই একোলৈ মাথো নিজৰ কামত ব‍্যস্ত । জাক-জাক টোকোৰা চৰাইৰ এই ভাললগা ছবিখনে সোঁৱৰাব অতীতৰ কিছু সোণসেৰীয়া দিন । প্ৰকৃতি ধ্বংসৰ এই ভয়াবহতাৰ মাজতো যিদৰে প্ৰকৃতিয়ে ফুলে ফলে জাতিস্কাৰ হৈ নিজৰ কাম কৰি গৈছে তেনেকৈয়ে এই টোকোৰা চৰাইৰ জাকটোৱেও যেন নিজৰ কাম কৰি গৈছে অৰ্হনিশে । পূৰ্বতে অসমকে আদি কৰি ভাৰতবৰ্ষৰ প্ৰায় সকলো ঠাইতে পোৱা গৈছিল এই চৰাইবিধ ।

টোকোৰা চৰাইক ইংৰাজীত জনা যায় উইভাৰ বাৰ্ড নামেৰে ৷ আনহাতে, ইয়াৰ বৈজ্ঞানিক নাম হৈছে প্লচিআছ ফিলিপিনাছ ৷ এই চৰাইৰ প্ৰায় সত্তৰটা প্ৰজাতি পোৱা যায় । কিন্তু এতিয়া ওখ ওখ দালানৰ লগতে পৰিবেশ ধ্বংসৰ ফলতে এই চৰাইবিধ গ্ৰাম্যাঞ্চলৰ পৰাও নোহোৱা হৈ পৰিছে। ঠায়ে ঠায়ে মাত্ৰ দুই এজোপা গছহে শুৱনি কৰি আছে টোকোৰা চৰাইৰ জাকে ।

লগতে পঢ়ক: Blood donation awareness move: ৰক্তদানৰ সজাগতা সন্দৰ্ভত টীম হিউমেনিটীৰ পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.