নগাঁও ,28 মে’: আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছৰ পৰাই নগাঁৱত ধাৰাবাহিকভাৱে অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । শুকুৰবাৰে সন্ধিয়া নগাঁও আৰক্ষীৰ এটা অভিযানৰ সময়ত গুলীচালনা কৰিবলগীয়া হয় আৰক্ষীৰ দলে ।
নগাঁৱৰ ছোটৰূপহীৰ মনচুৰ আলীৰ ঘৰত নগাঁও আৰক্ষীৰ এটা দলে অভিযান চলোৱাৰ সময়ত আৰক্ষীৰ দলটোক পিস্তলেৰে ভয় দেখুৱাই পলায়নৰ চেষ্টা কৰে ড্ৰাগছ মাফিয়া মনচুৰ আলী । লগে লগে আৰক্ষীয়ে ড্ৰাগছ মাফিয়া মনচুৰক লক্ষ্য কৰি গুলীচালনা কৰে । আৰক্ষীৰ গুলীত আহত হোৱা মনচুৰক পৰৱৰ্তী সময়ত আটক কৰে আৰক্ষীৰ দলটোৱে ।
নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ নিৰ্দেশত অতিৰিক্ত আৰক্ষী অধীক্ষক মানস শইকীয়া আৰু ধ্ৰুৱ বৰাৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে চলোৱা অভিযানত ধৃত মনচুৰৰ পৰা এটা নাইন এম এম এম পিষ্টল, ছয় জাঁই সজীৱ গুলীৰ লগতে বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্যও জব্দ কৰিবলৈ সক্ষম হয় ।
ঘটনাস্থলীত লগে লগেই উপস্থিত হয় নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ । ইপিনে আৰক্ষীৰ গুলীত আহত হোৱা ড্ৰাগছ মাফিয়া মনচুৰ আলীক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ।
লগতে পঢ়কঃ ধুবুৰীৰ অসম-বংগ সীমান্তত জব্দ 122 খন শিল ভৰ্তি ট্ৰাক