ETV Bharat / state

অপৰাধ শূন্য হ'ব নগাঁও: কলিয়াবৰত আৰক্ষী অধীক্ষক লীনা দলে

author img

By

Published : Jun 16, 2022, 4:05 PM IST

কলিয়াবৰত উপস্থিত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলে । কলিয়াবৰত উপস্থিত হৈ আৰক্ষী অধীক্ষকগৰাকীয়ে কেতবোৰ অতি গুৰুত্বপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হয় । বিশেষকৈ দুচকীয়া যান-বাহনৰে যাত্ৰা কৰোতে সকলোকে হেলমেট পৰিধান কৰিবলৈ আহ্বান লীনা দলেৰ ।

কলিয়াবৰত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলে

কলিয়াবৰ,১৬ জুন: বুধবাৰে কলিয়াবৰত উপস্থিত হয় নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলে । আৰক্ষী অধীক্ষকগৰাকীয়ে পৰিদৰ্শন কৰে কলিয়াবৰৰ বিভিন্ন প্ৰান্ত । লগতে সাংবাদিকৰ আগত কৰিলে কেতবোৰ অতি গুৰুত্বপূৰ্ণ মন্তব্য । অন্যান্য অপৰাধৰ লগতে দুচকীয়া বাহনৰে যাত্ৰা কৰোতে হেলমেট পৰিধান কৰিবলৈও আহ্বান লীনা দলেৰ ।

আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে, দুচকীয়া বাহনৰ চালক-আৰোহীয়ে যান-বাহন আইনৰ প্ৰাথমিক নিয়ম পালন কৰি হেলমেট পিন্ধাটো বাধ্যতামূলক । যান-বাহন আইন পালন নকৰা চালক-আৰোহীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে সদায় কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে আৰু এই স্থিতি বাহাল থাকিব(Assam Police against crime) । দুচকীয়া বাহনৰ চালক-আৰোহীয়ে হেলমেট পিন্ধি যান-বাহন আইনৰ প্ৰাথমিক নিয়ম পালন নকৰাৰ বাবে আৰক্ষীয়ে শাস্তিমূলক ব‍্যৱস্থা গ্ৰহণ কৰি জৰিমণা বিহিবলৈ বাধ‍্য হৈছে ।

তেঁও লগতে কয় প্ৰকৃততে আৰক্ষীয়ে দুচকীয়া বাহনৰ চালক-আৰোহীৰ প্ৰাণ সুৰক্ষিত কৰিবলৈ সজাগ কৰিছে কিন্তু তাৰ বিপৰীতে চালক-আৰোহীয়ে নিজৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ব‍্যৱস্থা নলৈ জৰিমণা ভৰিছে । যিহেতু চালকৰ বা আন কাৰোবাৰ ভুলৰ বাবে যি কোনো সময়তে দুৰ্ঘটনা সংঘটিত হ'ব পাৰে, সেয়ে উন্নত মানদণ্ডৰ হেলমেট পিন্ধিলে নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিব পাৰি ।

অপৰাধ শূণ্য হ'ব নগাঁও: কলিয়াবৰত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলে

তদুপৰি, জ‍্যেষ্ঠসকলৰ দৰেই শিশুসকলকো যাতে হেলমেট পিন্ধাইহে মটৰ চাইকেলত উঠাই সুৰক্ষিত যাত্ৰা কৰে তাৰ বাবে আহ্বান জনাই লীনা দলেই । নগাঁও জিলা আৰক্ষীয়ে সমগ্ৰ জিলাতেই সদা সষ্টম হৈ ৰাইজক সজাগ কৰি তুলিবলৈ যত্ন কৰি আহিছে যদিও এই ক্ষেত্ৰত ৰাইজৰ সহযোগিতা তথা সচেতনতাইহে সকলোৰে জীৱন সুৰক্ষিত কৰিব পাৰিব ।

ইয়াৰ উপৰিও আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে অপৰাধ আছে বাবেই আৰক্ষী প্ৰশাসন আছে । অপৰাধ এশ শতাংশই নিৰ্মূল কৰা সম্ভৱপৰ নহয় । তথাপিও নগাঁও জিলা আৰক্ষীয়ে এখন অপৰাধমুক্ত আৰু শান্তিপূৰ্ণ নগাঁও জিলা গঢ় দিয়াৰ বাবে দিনে-নিশাই চেষ্টা চলাই আহিছে ।

বিশেষকৈ, ড্ৰাগছ আৰু অবৈধ গৰু সৰবৰাহৰ সমান্তৰালকৈ অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে সফল অভিযান চলি আছে । চোৰ-ডকাইতৰ বিৰুদ্ধেও নগাঁও আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি নগাঁও জিলাৰ বহুকেইখন আৰক্ষী নিৱেশৰ অন্তৰ্গত অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰা গভাইট চোৰ আৰু ডকাইত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

লগতে জনসাধাৰণৰ পৰা লুট কৰি নিয়া বহু সা-সম্পতি উদ্ধাৰ কৰাৰ উপৰিও চুৰি বাহনো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী । নগাঁও চহৰত সঘনাই হৈ থকা চুৰি-ডকাইতি কাণ্ডৰ বিৰুদ্ধেও পূৰ্বতকৈ আৰক্ষীৰ গতি-বিধি বঢ়োৱা হৈছে ।

আনহাতে, কলিয়াবৰ আৰক্ষী নিৱেশ সংলগ্ন বৃটিছৰ দিনতে স্থাপিত শিলঘাট আৰক্ষী চকীৰ সকলো কাৰ্য‍্যত কলিয়াবৰ আৰক্ষী নিৱেশেই তদাৰক কৰে । গতিকে, এই ক্ষেত্ৰত প্ৰয়োজনীয় সহযোগিতা আগবঢ়াই অহা হৈছে । যদি বিশেষ দৃষ্টি দিবলগীয়া বিষয় আছে, সেই ক্ষেত্ৰত আৰক্ষী অধীক্ষকগৰাকীয়ে বুজ ল'ব বুলিও সাংবাদিকৰ আগত ব্যক্ত কৰে । বৰ্তমান ভাড়াঘৰত চলি থকা শিলঘাট আৰক্ষী চকীৰ উন্নীতকৰণৰ বাবে অতি সোনকালে ব‍্যৱস্থা গ্ৰহণৰ ইঙ্গিত দিয়ে আৰক্ষী অধীক্ষক গৰাকীয়ে ।

লগতে পঢ়ক: তোলনীয়া কন্যাক যৌন নিৰ্যাতন চলাই দহ বছৰৰ বাবে জেললৈ গ’ল পিতৃ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.