নগাঁও, 20 জানুৱাৰীঃ নগাওঁ জিলা আৰক্ষী অধীক্ষকৰ দায়িত্ব গ্ৰহণ কৰিয়েই স্পেচিয়েল অপাৰেচন টিম চমুকৈ এছ অ টি গঠন কৰি অপৰাধীৰ বিৰুদ্ধে বহুকেইটা সফলতা অর্জন কৰা অসমীয়া আই পি এছ বিষয়া শংকৰ ব্ৰত ৰায় মেধিক দিয়া হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ তদন্তকাৰী সংস্থা NIA ৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব। নিজৰ কাৰ্যকালত চোৰ, ডকাইত, ড্ৰাগছ মাফিয়াকে ধৰি বিভিন্ন অপৰাধৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছিল আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিৰ নেতৃত্বত । অপৰাধীৰ বিৰুদ্ধে কেৱল অভিযান চলোৱাই নহয় ৰাইজৰ মাজত বহু সময়ত সজাগতাৰ সৃষ্টি কৰিও অপৰাধীৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিছিল নগাওঁ আৰক্ষীয়ে ।
ইয়াৰোপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নগাওঁ জিলা এলেকাৰ বুঢ়াপাহাৰত নগাওঁ আৰক্ষীৰ তৎপৰতাৰ বাবেই গঁড় চিকাৰ কৰিবলৈ সক্ষম হোৱা নাছিল চিকাৰী । দেশ কঁপাই যোৱা বটদ্ৰৱাৰ ধৰ্ষণ হত্যাকাণ্ডৰ গোচৰৰ তদন্ত কৰি এমাহৰ ভিতৰতে নগাওঁ আৰক্ষীয়ে দাখিল কৰা অভিযোগনামাৰ ভিত্তিত আদালতে দিছিল মৃত্যুদণ্ডৰ ৰায় । অসমীয়া যুৱক যুৱতীক ইউ পি এছ চি ৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ অধ্যয়ন কৰাৰ আহ্বান জনাই ছাত্ৰ ছাত্ৰীকো পৰ্যাপ্ত সহায় কৰিব বুলি ই টি ভি ভাৰতৰ সন্মুখত মন্তব্য কৰে আই পি এছ বিষয়া শংকৰ ব্ৰত ৰায় মেধিয়ে।