ETV Bharat / state

দৌল উৎসৱ উপলক্ষে উখল মাখল বটদ্ৰৱা - বটদ্ৰৱা

মহাপুৰুষ গুৰুজনাই আৰম্ভ কৰা পৰম্পৰা অক্ষুণ্ণ ৰাখি প্রতি বছৰে বটদ্রৱাত উলহ-মালহেৰে উদযাপন কৰা হয় দৌল উৎসৱ । দৌলোৎসৱত উপস্থিত থাকিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

আজি ৰঙৰ উৎসৱ হোলী
author img

By

Published : Mar 21, 2019, 10:21 AM IST

নগাঁও , ২১ মাৰ্চ : আজি ৰঙৰ উৎসৱ ফাকুৱা। মহাপুৰুষ গুৰুজনাই আৰম্ভ কৰাপৰম্পৰা অক্ষুণ্ণ ৰাখি প্রতি বছৰে বটদ্রৱাত উলহ-মালহেৰে উদযাপন কৰা হয় দৌল উৎসৱ । এই দৌল উৎসৱৰ প্রথম দিনটো গন্ধোৎসৱ বুলি কোৱা হয় ।

আজি ৰঙৰ উৎসৱ হোলী

আজি কৃষ্ণ গোসাঁইৰ আগত গায়ন বায়নে ধেমালি গীত পৰিবেশন কৰি গোসাঁইৰ মূৰত ফাকু দিয়া উৎসৱ।বুধবাৰে নিশা গোবিন্দ গোসাঁইক গায়ন বায়ন আৰু আধ্যাত্মিক নীতি নিয়মেৰে ভক্তসবে থানৰ উত্তৰে থকা আকাশী গংগাৰ তীৰত এটি অস্থায়ী গন্ধঘৰত বিঘিনি নাশক মন্ত্ৰ উচ্চাৰন কৰি স্থাপন কৰে। ইয়াৰোপৰিও থলুৱা প্রাকৃতিক উপাদানেৰে প্রস্তুত কৰা এবিধ বিশেষ তেলেৰে নোওৱা হয়। গন্ধ তেল বুলি প্রচলিত এই বিশেষ তেল গান্ধবিৰিঙা, গাঠিয়ন, মিঠি, পিৰিকা ফুলেৰে প্রস্তুত কৰা হ‌য়। স্নান কাৰ্য সম্পাদনৰ পাচত গোসাঁইক নতু্ন বস্ত্র পিন্ধোৱা হয় আৰু গায়ন বায়নে ‘ৰাম ধেমালী’ ধ্বনি আৰু আয়তীৰ উৰুলিৰে মুখৰিত হৈ পৰে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা ।উল্লেখ্য যে নিশা স্বাস্থ্য আৰু গড় কাপ্তানী মন্ত্রী ড' হিমন্ত বিশ্ব শর্মাই এক সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন কৰিব ।

A_NGN_801-810_21MRCH_BATADRAVA_HOLI_RAKIBUL_WAHID

Story. মাংগলিক ধ্বনিৰে মুখৰিত গুৰুজনাৰ জন্মস্থান। 

Ocvo. :- মাংগলিক ধ্বনিৰে মুখৰিত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা । মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি প্রাতি বছৰে বটদ্রৱাত আড়ম্বৰ পূৰ্ণ ভাবে দৌল উৎসৱ বা ফাকুৱা উৎসৱ উদযাপন কৰা হয়। এই দৌল উৎসৱৰ প্রথম দিনটো গন্ধোৎসৱ । বুধবাৰে নিশা গোবিন্দ গোসাঁইক (শ্ৰীকৃষ্ণৰ মূতিভাগ)  গায়ন বায়ন আৰু আধ্যাত্মিক নীতি নিয়মেৰে ভক্তসবে থানৰ উত্তৰে থকা আকাশী গংগাৰ তীৰত এটি অস্থায়ী গন্ধঘৰত বিঘিনি নাশক মন্ত্ৰ উচ্চাৰন কৰি স্থাপন কৰা হয়। থলুৱা প্রাকৃতিক উপাদানেৰে প্রস্ত্তত কৰা এবিধ বিশেষ তেলেৰে নোওৱা হয়। গন্ধ তেল বুলি প্রচলিত এই বিশেষ তেল গান্ধবিৰিঙা, গাঠিয়ন, মিঠি, পিৰিকা ফুলেৰে প্রস্তুত কৰা হ‌য়। স্নান কাৰ্য সম্পাদনৰ পাছত গোসাঁইক নতু্ন বস্ত্র পিন্ধোৱা হয় আৰু গায়ন বায়নে ‘ৰাম ধেমালী’ ধ্বনি আৰু আয়তীৰ উৰুলিৰে মুখৰিত হৈ পৰে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা ।    
   আজি কৃষ্ণ গোহাঁইৰ আগত গায়ন বায়ন ন ধেমালি গীত পৰিবেশন কৰি পৰিবেশন কৰি গোহাঁইৰ মূৰত ফাকু দিয়া উৎসৱ। নিশা সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন কৰিব বিত্ত, স্বাস্থ্য আৰু গড় কাপ্তানী মন্ত্রী ড' হিমন্ত বিশ্ব শর্মা। 
Bite. 
---------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ 
   21-3-19
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.